ATM ৰ পৰা টকা উলিওৱাৰ সময়ত মনত ৰাখিব এই কথা , খালী হব পাৰে আপোনাৰ একাউণ্ট ATM Cash Withdrawal Keep this thing in mind while withdraw

ATM Cash Withdrawal Keep this thing in mind while withdrawl

ATM Cash Withdrawal Keep this thing in mind while withdraw

ATM ৰ পৰা নগদ ধন উলিওৱাৰ সময়ত হোৱা সৰু ভুলৰ ফলত খালী হ’ব পাৰে আপোনাৰ একাউণ্ট । আজিকালি চাইবাৰ অপৰাধৰ গোচৰসমূহ ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।

এনে অৱস্থাত অনলাইন লেনদেন আৰু ATM ৰ পৰা ধন উলিওৱাটো বিপদৰ পৰা মুক্ত নহয়। ATM ৰ পৰা টকা উলিওৱাৰ সময়ত ইয়াত উল্লেখ কৰা কথাবোৰ আপুনি মনত ৰাখিব লাগিব।

এটিএম(ATM) ক্ল’নিং কি?

যদি আপুনি ATM ৰ পৰা নগদ ধন উলিয়াইছে, তেন্তে ATM ব্যৱহাৰ কৰাৰ পিছত ভালদৰে পৰীক্ষা কৰিব লাগিব। আচলতে ATM ত আটাইতকৈ ডাঙৰ বিপদটো হ’ল কাৰ্ড ক্ল’নিঙৰ পৰা।

ইয়াৰ পৰা আপোনাৰ সকলো তথ্য সহজেই পোৱা যায় আৰু আপোনাৰ একাউণ্টটো ক্ষন্তেকতে খালী হৈ যাব পৰে। ইয়াত আপোনাৰ সবিশেষ কেনেকৈ সহজে চুৰি হয় জানো আহক।

এইদৰে চাইবাৰ চোৰে চুৰি কৰে আপোনাৰ ডাটা 

ডিজিটেল ইণ্ডিয়াত হেকাৰসকল অতি স্মাৰ্ট হৈ পৰিছে। এই হেকাৰে ATM মেচিনত থকা কাৰ্ড স্লটৰ পৰা গ্ৰাহকৰ বেংকিং তথ্য সমূহ চুৰি কৰে। আপুনি নাজানে যে, এই হেকাৰসকলে এনে এটা ডিভাইচ ATM মেচিনৰ কাৰ্ড স্লটত লগাই ৰাখে, যিয়ে আপোনাৰ কাৰ্ডৰ সকলো তথ্য স্কেন কৰে।

এই ডিভাইচৰ যোগেদি আপোনাৰ সকলো বিৱৰণ সেই ডিভাইচত সংৰক্ষণ কৰা হয়। ইয়াৰ পিছত ব্লুটুথ বা আন কোনো ভাল ডিভাইচৰ সহায়ত এই হেকাৰে তথ্য সমূহ চুৰি কৰে।

কেনেকৈ সজাগ হ’ব?

হেকাৰ সকল যিমানেই চতুৰ নহওক কিয়, কিন্তু যদি আপুনি সজাগ হয় তেন্তে আপোনাৰ টকা আপুনি নিৰাপদে ৰাখিব পাৰিব। আচলতে আপোনাৰ ডেবিট কাৰ্ডত সম্পূৰ্ণ প্ৰৱেশ কৰিবলৈ হ’লে হেকাৰৰ বাবে আপোনাৰ পিন নম্বৰ থকাটো বাধ্যতামূলক।

অৱশ্যে ইয়াৰ বাবেও হেকাৰৰ এটা পদ্ধতি আছে। তেওঁলোকে কেমেৰাৰ সহায়ত আপোনাৰ পিন নম্বৰ ট্ৰেক কৰে। অৰ্থাৎ আপোনাৰ তথ্য চুৰিৰ বাবে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈ থাকে । এনে ক্ষেত্ৰত যেতিয়াই আপুনি পিন নম্বৰটো লিখিব তেতিয়াই আন খন হাতেৰে ঢাকি ৰাখিব।

নগদ ধন উলিওৱাৰ আগতে ATM চেক কৰক

  • - যদি আপুনি ATM লৈ যায় তেন্তে প্ৰথমে ATM মেচিনৰ কাৰ্ড স্লট টো পৰীক্ষা কৰি লব ।
  • - যদি ATM কাৰ্ডৰ স্লটত কোনো ধৰণৰ হেতালি খেলা হৈছে বা স্লটটো ঢিলা হৈ আছে , তেন্তে ইয়াক ব্যৱহাৰ নকৰিব।
  • - কাৰ্ডখন কাৰ্ড স্লটত সুমুৱাই থাকোঁতে তাত জ্বলি থকা ‘গ্ৰীন লাইট’ টোৰ ওপৰত চকু ৰাখক।
  • - যদি ইয়াৰ স্লটত গ্ৰীণ লাইট জ্বলি আছে, তেন্তে আপোনাৰ ATM নিৰাপদ।
  • - যদি তাত ৰঙা বা আন কোনো ৰঙৰ লাইট জলা নাই, তেন্তে কোনো কাৰণতে ATM টো ব্যৱহাৰ নকৰিব।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.