you can become a millionaire by saving just 600 rupees every month know how to start
Invesment(বিনিয়োগ) কৰাটো এটা শব্দ যিটো দেখাত সৰু, কিন্তু বুজিবলৈ এটা বিশাল অৰ্থ আছে। কাৰণ যদি আপুনি ইয়াক সঠিকভাৱে বুজি পায় তেতিয়া আপুনি ভৱিষ্যতৰ উন্নতি কৰিব পাৰিব। উপাৰ্জনৰ সামান্য অংশ বিনিয়োগ কৰি আপুনি কোটিপতি হ’ব পাৰে। বিনিয়োগৰ নাম শুনি প্ৰতিজন ব্যক্তিয়ে অলপ কঁপি উঠে, কাৰণ তেওঁ অনুভৱ কৰে যে বিনিয়োগ কৰিবলৈ এক বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন। কিন্তু আপুনি সামান্য পৰিমাণৰ বিনিয়োগ কৰিলে ভৱিষ্যতে বহুত টকা জমা কৰিব পাৰি।
বিশেষজ্ঞসকলৰ মতে বিনিয়োগ কৰিবলৈ ধনতকৈ অধিক আত্মবিশ্বাস থকাটো অতি প্ৰয়োজনীয়। আপুনি অলপ টকাৰে বিনিয়োগ আৰম্ভ কৰিব পাৰে আৰু এটা বিশাল পৰিমাণ জমা কৰিব পাৰে। দীৰ্ঘম্যাদী বিনিয়োগে সদায় ফল দিয়ে।
যদি আপুনি আৰম্ভণিতে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ দ্বিধাবোধ কৰে, তেন্তে অলপ টকাৰে বিনিয়োগ আৰম্ভ কৰক। কিন্তু বিনিয়োগ আৰম্ভ কৰিব বিচাৰিলে অতি সোনকালে কৰক, যাৰ ফলত অধিক লাভ হ’ব। এনেকৈ ভাবি চাওকচোন, যদি আপুনি প্ৰতিদিনে মাত্ৰ ২০ টকা বিনিয়োগ কৰে, তেন্তে এই ২০ টকাই আপোনাক বহুদিনৰ পিছত কোটিপতি কৰি তুলিব পাৰে।
SIP ত বিনিয়োগ কৰক:
এটা Systematic Investment Plan (SIP)ত প্ৰতিমাহে কমেও ৫০০ টকা জমা কৰি আপুনি এটা ভাল পৰিমাণ জমা কৰিব পাৰে। যিমানেই বেছি দিন স্থায়ী হ’ব সিমানেই লাভ হ’ব। আচলতে কিছুমান ফাণ্ডে ২০ শতাংশ পৰ্যন্ত ৰিটাৰ্ণ দিয়ে।
এইদৰে বিনিয়োগ আৰম্ভ কৰক:
যদি এজন ব্যক্তিয়ে ২০ বছৰ বয়সৰ পৰা প্ৰতিদিনে ২০ টকা ৰাহি কৰে তেন্তে এমাহত ৬০০ টকা হৈ পৰে। এতিয়া প্ৰতিমাহে SIP ত জমা দিয়ক। ২০ টকা ৪০ বছৰ অৰ্থাৎ ৪৮০ মাহ জমা কৰি প্ৰায় ১০ কোটি জমা হ’ব। যদিও এই কামটোও অলপ ৰিস্কি। কিন্তু ইয়াতো যদি আপুনি ধৈৰ্য্যৰে কাম কৰে, তেতিয়া আপুনি কোটিপতি হ’বলৈ সময় নলয়।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati