বিশ্বৰ ভিতৰতে দামী আৰু সোৱাদযুক্ত হুইস্কি ! দামে চকু কপালত উঠাব আপোনাৰ

world largest whisky bottle of set to be auctioned in united kingdom

world largest whisky bottle of set to be auctioned in united kingdom

হুইস্কি ! নামটো শুনিলে সুৰাপান কৰা লোকসকলৰ মন হয়টো অলপ বেলেগ দিশলৈ গতি কৰিব পাৰে।কিন্তু এই হুইস্কিৰ দাম যদি ভাৰতীয় মূল্যত ১৬.২২ কোটি টকা হয়, ই এক চকু কপালত উঠা কথা ।হয় , এনে এটা হুইস্কিৰ বটল আছে যাৰ মূল্যই আপোনাক আচৰিত কৰি তুলিব । 'দ্য এনট্ৰপিড' নামৰ এটা ৩১১ লিটাৰৰ হুইস্কিৰ বটল অহা ২৫ মে'ত নিলাম হ'বলৈ গৈ আছে। ৫ ফুট ১১ ইঞ্চি দীঘল এই হুইস্কিৰ বটলৰ নিলামৰ দায়িত্বত আছে এডিনবাৰ্গৰ এটা নিলাম সংস্থা ।

বিশ্ব ৰেকৰ্ডৰ মতে এইটো এতিয়ালৈকে হুইস্কিৰ আটাইতকৈ ব্যয়বহুল বটল। প্ৰায় ৩২ বছৰ পুৰনিএই মল্ট স্কচ বটলটো বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সোৱাদ যুক্ত পানীয়বোৰৰ ভিতৰত এটা। পৃথিৱীৰ অন্যতম বৃহৎ হুইস্কিৰ এই বটলটো ইমান দিন ধৰি মেককুলান ডিষ্টিলাৰীত ৰখা হৈছে। এইবাৰ নিলামৰ জৰিয়তে, আন কোনোবাই মালিকিস্বত্ব পাবলৈ গৈ আছে এই মল্ট স্কচৰ।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.