বুৰ্জ খলিফাৰ দেশৰ খলিফা আৰু নাই
বিশ্ববিখ্যাত বুৰ্জ খলিফা টাৱাৰৰ নিৰ্মাতা শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ান আৰু আমাৰ মাজত নাই। সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি তথা আবু ধাবিৰ শাসক শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ান শুক্রবাৰে মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩ বছৰ।
শুক্রবাৰে এই ঘোষণা কৰে দেশখনৰ প্রেছিডেন্সিয়াল মন্ত্রণালয়ে।
এক বিবৃতি যোগে প্রেছিডেন্সিয়াল মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে, আৰব আমিৰাতৰ সাধাৰণ জনতা, আৰব তথা ইছলামিক বিশ্ব আৰু সমগ্ৰ বিশ্বক ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যুত সমবেদনা জনাইছে প্রেছিডেন্সিয়াল মন্ত্রণালয়ে।
১৫ বিলিয়ন ডলাৰৰ গৰাকী শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ান ২০০৪ চনৰ ৩ নভেম্বৰৰ পৰা আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি তথা আবুধাবিৰ শাসকৰ দায়িত্ব পালন কৰি আছিল।
২০০৪ চনত শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ পিতৃ মৃত্যু হোৱাৰ পিছত তেওঁ দেশখনৰ প্ৰেছিডেন্ট হয়।
শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ জন্ম হয় ১৯৪৮ চনত। তেওঁ আৰব আমিৰাতৰ দ্বিতীয় খলিফা আৰু আবু ধাবিৰ ১৬তম শাসক আছিল।
শ্বেখ জায়েদেৰ সর্বকনিষ্ঠ পুত্ৰ আছিল তেওঁ।
ৰাষ্ট্ৰপতিৰ দ্বায়িত্ব লোৱাৰ পাছত শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ান আবু ধাবিৰ অৱকাঠামো উন্নয়নত বিশেষ মনোযোগ দিছিল।
আৰব আমিৰাতৰ বর্তমান অবস্থানৰ কাৰণে তেওঁৰ অৱদান অতুলনীয়, প্ৰশংসনীয় আৰু শলাগনীয়।
তেওঁ দেশখনৰ তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত যথেষ্ট গুৰুত্বাৰোপ কৰিছিল।
বিশ্বৰ অন্যতম জনপ্ৰিয় নেতা পৃথিৱীৰ সৰ্ববৃহৎ অট্টালিকা বুৰ্জ খলিফাৰ মালিক শ্বেখ খলিফা বিন আবু জেয়েদ আল নাহিয়ানৰ বিয়োগত বিশ্বৰ বিভিন্ন দেশে শোক প্ৰকাশ কৰাৰ লগতে শোকাহত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সংযুক্ত আৰৱ আমিৰাতৰ প্ৰয়াত ৰাষ্ট্ৰপতি তথা আবুধাবিৰ শাসক শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ইতিমধ্যে আবুধাবিত উপস্থিত হৈছে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডু। আমিওঁ তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
দূৰভাষঃ ৯৭০৬৬-৬৬১৯২