অসমৰ ঘাই পথত পুনৰ আহিব গতি সীমা নিষেধাজ্ঞা ! কি ক’লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ? Speed limit restrictions to come back in Assam highways

speed limit restrictions to come back in assams highways

Speed limit restrictions to come back in Assam highways

অসম চৰকাৰে ৰাজ্যৰ ঘাইপথত ৰখা গতি সীমাৰ নিষেধাজ্ঞা ঘূৰাই আনিব । দুয়োজন ৰাইডাৰৰ বাবে বাধ্যতামূলক হেলমেট সফলতাৰে কাৰ্যকৰী কৰাৰ পিছত চৰকাৰৰ পৰৱৰ্তী লক্ষ্য হৈছে ৰাজ্যৰ ঘাইপথ আৰু পথত বাহনৰ গতি সীমা হ্ৰাস কৰা।

১৩ মে’ শুকুৰবাৰে গুৱাহাটীত পৰিবহণ বিভাগৰ এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।

"আমি হেলমেট আইন প্ৰায় ৯০ শতাংশলৈ কাৰ্যকৰী কৰাত সফল হৈছো। আমাৰ পৰৱৰ্তী লক্ষ্য হৈছে গতি সীমা হ্ৰাস কৰা।আজি ইয়াত আমি ১২ খন বাহন লৈ আহিছো যিয়ে এক কিলোমিটাৰ দূৰত্বৰ পৰা তীব্ৰবেগী বাহন ধৰা পেলাব পাৰে । কিছুদিনৰ ভিতৰতে আমি " ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথৰ বাবে গতি সীমা নিৰ্ধাৰণ কৰিম।স্পষ্টভাৱে চৰকাৰে কৈছে যে যিসকলে অতি বেগেৰে গাড়ী চলাই আছে তেওঁলোকৰ প্ৰতি কঠোৰ হ'বলৈ চেষ্টা কৰিব । আপনালোকে ইয়াক আপত্তি নকৰিব কাৰণ আমি আপোনাৰ পৰিয়ালৰ বাবে কৰিছো, আমি আপোনাৰ সন্তানৰ বাবে কৰিছো।’-এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

যোৱা ডিচেম্বৰ মাহত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ পিছত যান-বাহন দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰাৰ বিষয়েও ভাষণ দিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

‘৩১ ডিচেম্বৰৰ পৰা আমাৰ এই পদক্ষেপৰ পিছত গুৱাহাটীৰ লগতে অন্যান্য ঠাইত দুৰ্ঘটনাৰ হাৰ ২১% হ্ৰাস পাইছে। যোৱা বছৰৰ তুলনাত ২৫৭ জন কম লোকৰ মৃত্যু হৈছে। মই এখন মেডিকেল হস্পিতাললৈ গৈছিলোঁ আৰু চিকিৎসকসকলক দুৰ্ঘটনাৰ সংখ্যাৰ বিষয়ে সুধিছিলোঁ, যাৰ ওচৰত তেওঁলোকে কৈছিল যে ৫০% হ্ৰাস পাইছে। অৰ্ঠাৎ বাকী ৫০% য়ে মানসম্পন্ন চিকিৎসা লাভ কৰে, যাৰ ফলত আই চি ইউত() কোনো হেঁচা বা ভিৰ নাই।’- এনেদৰে হিমন্ত বিশ্ব শৰ্মাই কয়।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.