" এইখন পৃথিৱীৰ আটাইতকৈ সৰু গাড়ী, দাম আৰু মাইলেজ জানি লওক smallest car in the world

এইখন পৃথিৱীৰ আটাইতকৈ সৰু গাড়ী, দাম আৰু মাইলেজ জানি লওক smallest car in the world

  smallest car in the world


smallest car in the world

কিছুমান ঠাইলৈ গাড়ী বা বাইকেৰে অতি ক্ষীপ্ৰতাৰে যাব পাৰি। বিভিন্ন ধৰণৰ গাড়ী হৈছে মানুহৰ প্ৰথম পছন্দ। গাড়ী সমূহ বিভিন্ন ধৰণৰ বেলেগ বেলেগ ডিজাইনাৰো থাকে। আজি মই আপোনালোকক ক'ম পৃথিৱীৰ আটাইতকৈ সৰু গাড়ীখনৰ বিষয়ে। ব্ৰিটেইনৰ এলেক্স অৰ্চিন হৈছে বিশ্বৰ আটাইতকৈ সৰু গাড়ীখনৰ মালিক । 

উৰ্চিনৰ এই সৰু গাড়ীখনৰ নাম পিল পি৫০(PEEL P50)। ইয়াৰ দৈৰ্ঘ্য ১৩৪ মিটাৰ, বহল ৯৬ মিটাৰ আৰু উচ্চতা ১০০ ছে:মি:। এলেক্সে কয় যে গাড়ীখন সৰু হোৱাৰ বাবে মানুহে তেওঁক ঠাট্টা কৰে। কিন্তু তেওঁ কয় যে গাড়ী খনত অতি কম পৰিমাণৰ পেট্ৰ’লৰ প্ৰয়োজন হয় । এলেক্সে এই গাড়ীখন দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে। তেওঁৰ উচ্চতা প্ৰায় ৬ ফুট। এনে অৱস্থাত তেওঁক এখন সৰু গাড়ী চলাই থকা দেখি মানুহে আচৰিত হৈছিল।

কেৱল সেয়াই নহয়, মানুহে এলেক্সৰ এই কাৰ্য্যৰ বাবে ঠাট্টা কৰে। অৱশ্যে তেওঁ নিজৰ গাড়ীখনক লৈ বহুত সুখী, কাৰণ গাড়ীখনৰ মাইলেজ বহুত ভাল। Peel P50 car ত আছে ৪.৫ হৰ্চপাৱাৰৰ ইঞ্জিন। আপুনি জানি আচৰিত হ’ব যে গাড়ীখনে ৪২ কিলোমিটাৰ মাইলেজ দিয়ে। য'ত ভাৰতৰ সৰ্বাধিক মাইলেজ গাড়ী মাৰুতি চুজুকি চেলেৰিঅ'ই দিয়ে ৩৫ কিলোমিটাৰ মাইলেজ।

পিল ইঞ্জিনিয়াৰিং কোম্পানীয়ে নিৰ্মাণ কৰিছে পিল পি৫০ গাড়ী। ১৯৮২-১৯৭৫ চনৰ ভিতৰত ইয়াক প্ৰথম নিৰ্মাণ কৰা হৈছিল আৰু ২০১০ চনত পুনৰ উৎপাদন আৰম্ভ কৰা হৈছিল। এলেক্স অৰ্চিনে কয় যে তেওঁৰ এই গাড়ীখন সকলো ধৰণৰ পথতে ব্যৱহাৰ কৰিব পাৰি। ৰাস্তালৈ ওলাই গ’লে মানুহে তেওঁৰ গাড়ীখনলৈ বেছিকৈ চায়। ২০১০ চনত এই গাড়ীখন বিশ্বৰ আটাইতকৈ সৰু গাড়ী হিচাপে পৰিগণিত হয়। কেৱল সেয়াই নহয়, ব্ৰিটেইনৰ এলেক্সৰ এই গাড়ীখন বিশ্বৰ আটাইতকৈ সৰু গাড়ীখনৰ নামত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিখা আছে।

অৱশ্যে সৰু হ’লেও গাড়ীৰ দাম শুনি আচৰিত হ’ব। ১৩৪ চেন্টিমিটাৰ দৈৰ্ঘ্যৰ এই গাড়ীখনৰ মূল্য ভাৰতীয় টকাত ৮৪ লাখ টকাৰ ওপৰত। দামৰ বাবেই এলেক্সে second hand P50 কিনিছিল। যিয়ে প্ৰতি ঘণ্টাত সৰ্বাধিক ৩৬ কিলোমিটাৰ মাইলেজ দিয়ে। লগতে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ যোৱা বছৰ গাড়ীখন লৈ সমগ্ৰ ব্ৰিটেইন ভ্ৰমণ কৰিছিল।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews

Post a Comment

Previous Post Next Post

People Like