see the details of bajaj qute new car deatils and features
কোম্পানীটোৱে দাবী কৰিছে যে পেট্ৰ’লত গাড়ীখনৰ মাইলেজ প্ৰতি লিটাৰত ৩৫ কিলোমিটাৰ আৰু চিএনজিত প্ৰতি কেজিত ৪৩ কিলোমিটাৰ।
সৰ্বনিম্ন বাজেটৰ গাড়ীখন গাড়ী হেচবেক ছেগমেণ্টত উপলব্ধ, ইয়াৰে সবাতোকৈ কম মূল্যৰ Maruti Alto যাৰ আৰম্ভণি মূল্য ৩.৩৯ লাখ টকা। কিন্তু ইয়াত আমি ভাৰতৰ প্ৰথমখন কোৱাড্ৰিচাইকেলৰ কথা কৈছো, যিখন আপুনি Royal Enfield Classic-৩৫০ৰ সৈতে একে দামত কিনিব পাৰে। অৰ্থাৎ বাই্কৰ দামত এখন সম্পূৰ্ণ গাড়ী।
Bajaj Qute (RE60) দেশৰ ভিতৰতে আটাইতকৈ কম মূল্যৰ চাৰি আসনযুক্ত গাড়ী। বহুতৰে এই গাড়ীখনৰ দাম, মাইলেজ আৰু ডিজাইনৰ বাবে মন আকৰ্ষিত হৈছে। দৰাচলতে Bajaj Qute (RE60) হৈছে এখন কোৱাড্ৰিচাইকেল যিটো আভ্যন্তৰীণ ব্যৱহাৰৰ লগতে টেক্সিৰ বাবেও ব্যৱহাৰ কৰা হৈছে। যদি আপুনি এই সস্তা গাড়ীখন কিনিবলৈ আগ্ৰহী, তেন্তে ইয়াৰ ইঞ্জিন, মাইলেজ আৰু বৈশিষ্ট্যৰ সম্পূৰ্ণ বিৱৰণ ইয়াত জানি লওক।
Bajaj Qute (RE60)ৰ ইঞ্জিন আৰু শক্তিৰ সন্দৰ্ভত কোম্পানীয়ে ইয়াক ২১৬.৬ চিচিৰ একক চিলিণ্ডাৰ ইঞ্জিন দিছে। এই ইঞ্জিনটো হৈছে লিকুইড কুলিং প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মিত DTSi ইঞ্জিন। এই ইঞ্জিনে ১৩.১ পি এছ শক্তি আৰু ১৮.৯ এন এম পিক টৰ্ক উৎপন্ন কৰে। এই ইঞ্জিনটো ৪৫ স্পীডৰ মেনুৱেল ট্ৰেন্সমিছনৰ সৈতে সংযুক্ত কৰা হৈছে।
ইয়াৰ মাইলেজ সন্দৰ্ভত কোম্পানীটোৱে দাবী কৰিছে যে পেট্ৰ’লত গাড়ীখনৰ মাইলেজ প্ৰতি লিটাৰত ৩৫ কিলোমিটাৰ আৰু চিএনজিত প্ৰতি কিলোগ্ৰামত ৪৩ কিলোমিটাৰ। কোম্পানীয়ে এই গাড়ীখনত ২০.৬ লিটাৰৰ ইন্ধনৰ টেংক দিছে।
ভাৰতৰ প্ৰথমখন কোৱাড্ৰাইচাইকেল সন্দৰ্ভত বাজাজ অটোৱে দাবী কৰিছে যে ই সৰ্ববতৰৰ বাবে সুৰক্ষিত, অৰ্থাৎ, এই গাড়ীখনে সকলো বতৰতে ডাঙৰ মাইলেজ আৰু ভাল ড্ৰাইভিং অভিজ্ঞতা দিব। এই কোৱাড্ৰিচাইকেলখন আকৰ্ষণীয় ডিজাইনৰ মিনি যাতে চাৰিজন মানুহে আৰামত যাত্ৰা কৰিব পাৰে আৰু নিজৰ প্ৰয়োজনীয় বস্তুবোৰ লগত লৈ যাব পাৰে।
মূল্যৰ কথা ক’বলৈ গ’লে কোম্পানীটোৱে ইয়াক বজাৰত মুকলি কৰিছে প্ৰাথমিক মূল্য ২,৫৩,৯৯২ টকাৰে। এই গাড়ীখনৰ প্ৰাৰম্ভিক মূল্য ২,৯১,১৭ টকা।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati