SBI FD interest rates sbi is offering more interest rates on FD for the senior citizens check news in details
শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংক বা এছ বি আইয়ে fix deposit ৰ সুতৰ হাৰ বৃদ্ধি কৰিছে। সাধাৰণ নাগৰিকৰ লগতে জ্যেষ্ঠ নাগৰিকৰ বাবেও সুতৰ হাৰ বৃদ্ধি কৰিছে। FD সুতৰ হাৰ মধ্যবিত্তৰ চৰ্চা। বিশেষকৈ বেংকে কিমান টকা সুত দি আছে তাক লৈ তেওঁলোক চিন্তিত হৈ পৰিছে শেহতীয়াকৈ কেইবাটাও বেংকে FD ৰ সুতৰ হাৰ বৃদ্ধি কৰিছে। গতিকে এতিয়া জ্যেষ্ঠ নাগৰিকৰ বাবে এটা ভাল সময়।
কিন্তু, কেৱল fixed depositsই নহয়, আন একাধিক আঁচনিটো ডাঙৰ সুবিধা আছে। যেনে জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি।এই আঁচনিখন সাধাৰণ সঞ্চয় আঁচনি। তাক আমি Normal Savings Scheme বুলি ক’ব পাৰো। কিন্তু এই আঁচনিৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল সুতৰ হাৰ। জ্যেষ্ঠ নাগৰিকৰ বাবে বেংকটোৱে যথেষ্ট সুতৰ হাৰ আগবঢ়াইছে। ফলত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক বৃহৎ উপাৰ্জন সম্ভৱপৰ হব।
কিমান টকা পাব?
যদি আপুনি ৫ বছৰলৈ ১০ লাখ টকা বিনিয়োগ কৰিছে তেন্তে পাঁচ বছৰৰ শেষত মুঠ ১৩,১৪,০৬৭ লাখ টকা পাব। ইয়াৰে আপোনাৰ বিনিয়োগ ১০ লাখ। আপোনাৰ মুঠ ৰচিদ ১৩ লাখতকৈ অধিক। পাঁচ বছৰত তিনি লাখৰো অধিক সুত পাব আৰু যদি আপুনি এজন জ্যেষ্ঠ নাগৰিক হয় তেন্তে আপোনাৰ ৰচিদৰ পৰিমাণ হ’ব ১৩,৬৬,৯০০ টকা। আপুনি লাভ কৰা ধনৰাশি হৈছে ৩,৬৬,৯০০ টকা।
সুতৰ হাৰ কিমান?
SBI ৰ Term deposit ৰ সুতৰ হাৰ ৫.৫০%। বাৰ্ষিক হাৰত জ্যেষ্ঠ নাগৰিকৰ সুতৰ হাৰ ৬.৩০%।
SBI Wecare জমা আঁচনি
Wecare Scheme হৈছে জ্যেষ্ঠ নাগৰিকৰ বাবে SBI য়ে প্ৰৱৰ্তন কৰা এক বিশেষ আঁচনি। এই আঁচনিখনে ৫০, ৩০ আৰু ৮০ ভিত্তি পইণ্ট পৰ্যন্ত অতিৰিক্ত সুত প্ৰদান কৰে। অৰ্থাৎ ০.৫০,০.৩০ আৰু ০.৮০% পৰ্যন্ত অতিৰিক্ত সুত উপলব্ধ হ’ব।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati
