১৬ বছৰ ধৰি প্ৰতি সপ্তাহত কইনা হৈ আহিছে এইগৰাকী মহিলা, কাৰণটো অতি বিশেষ

photo gallery pakistani women become bride every week from last 16 years

pakistani women become bride every week from last 16 years

এই কইনা গৰাকীৰ নাম হৈছে হীৰা জীশান আৰু তেওঁ আমাৰ চুবুৰীয়া দেশ পাকিস্তানৰ বাসিন্দা।তেওঁ প্ৰতি সপ্তাহত নিজে এগৰাকী কইনাৰ দৰে সাজ-পোছাক পৰিধান কৰে।

কইনা হোৱাৰ সময়তে জীশানে হাতত মেহেন্দী লগাই লয়। এই বিশেষ উপলক্ষে তেওঁ বিভিন্ন ধৰণৰ ষ্টাইলিছ গহনা সমূহ পিন্ধে।তেওঁ নতুন কইনাৰ লগত সকলো দিশতে প্ৰতিদ্বন্দ্বিতা কৰা দেখা যায়।

জীশানৰ বয়স ৪২ বছৰ। প্ৰতি শুকুৰবাৰে তেওঁ কইনাৰ দৰে এক ধুনীয়া গেটআপলৈ আহে।যোৱা ১৬ বছৰত এনে কোনো শুকুৰবাৰ অহা নাই যিদিনা তেওঁ কইনাৰ ৰুপ ধাৰণ কৰা নাই।

হিৰা জীশান প্ৰত্যেক শুকুৰবাৰে কইনা  হোৱাৰ আঁৰৰ কাৰণটোও অতি আমোদজনক। জীশানে কয় যে ১৬-১৭ বছৰ আগতে তেওঁৰ মাক বৰ অসুস্থ আছিল। মাকৰ শেষ ইচ্ছা আছিল তাইক কইনা সাজত দেখা আৰু এঘৰলৈ বিয়া কৰাই দিয়া।

মাকৰ ইচ্ছা পূৰণ কৰিবলৈ তেওঁ  হস্পিতালতে বিবাহ পাশত আৱদ্ধ হৈছিল । তেওঁ সেইজন লৰাৰ সৈতে হস্পিতালতে বিবাহ পাশত আৱদ্ধ হৈছিল যি জন লৰাই তেওঁৰ মাতৃক ৰক্তদান কৰিছিল । 

জীশানে কৈছে যে তেওঁ মাকৰ সুখৰ বাবেই এই বিয়াখন কৰিছিল।এই বিবাহ হস্পিতালত হৈছিল বাবেই সকলো সহজ-সৰল হৈয়েই থাকিল। তাৰ পিছত তেওঁ ৰিক্সাত বহিয়েই বিদায় লৈ গৈছিল ।

সেইদিনা তেওঁ সাজুও হব পৰা নাছিল। তেওঁৰ মেকআপটোও কোনেও কৰা নাছিল। বিয়াৰ পিছত তেওঁলোকৰ ৬ টা সন্তান জন্ম হয় যদিও ২ টা সন্তানৰ মৃত্যু হয়। তেতিয়াৰে পৰা তেওঁ মাক আৰু সন্তানৰ দুখ পাহৰিবলৈ প্ৰতি সপ্তাহত শুকুৰবাৰে কইনা ৰুপ লবলৈ ধৰিলে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.