explosive audio leak reveals chinas plan to invade Taiwan
চীনে বলপূৰ্বকভাৱে Taiwan দখল কৰাৰ পৰিকল্পনা কৰিছে। চীনৰ একাংশ Communist শাসক আৰু সেনা বিষয়াই চাঞ্চল্যকৰ Audio’ত কথা পাতি থকা শুনা গৈছে। জাপানত অনুষ্ঠিত হোৱা কোৱাড মিটিঙৰ সময়ত এটা চেনেলত লিক হোৱা Audio’টোক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে।
শেহতীয়াকৈ Lude Mediaৰ Youtube channelত এটা Audio’ মুকলি কৰা হৈছে। Taiwan দখল কৰাৰ পৰিকল্পনা চীনৰ Guwadang প্ৰদেশৰ গৱৰ্ণৰ, Communist পাৰ্টিৰ সম্পাদক আৰু China People Liberation Armyৰ এজন প্ৰধান সেনাধ্যক্ষৰ মাজত হোৱা কথা-বতৰাৰ পৰাই আহিছিল। Communist পাৰ্টি আৰু চীনৰ সামৰিক বিষয়াসকলৰ মাজত হোৱা আলোচনাৰ লিক হোৱা Audio’ অনুসৰি, দ্বীপ ৰাষ্ট্ৰ টাইৱানৰ ওচৰৰ চীনৰ মূল ভূখণ্ড Guwadang প্ৰদেশত ভিত্তি কৰি ৰঙা সেনাই সামৰিক অভিযানৰ বাবে প্ৰস্তুতি চলাইছে। আলোচনা অনুসৰি Guwadang প্ৰদেশত প্ৰায় ১ লাখ ৪০ হাজাৰ সৈন্য, যুদ্ধ জাহাজকে ধৰি বিভিন্ন প্ৰকাৰৰ ৯৫৩ খন জাহাজ, বিপুল পৰিমাণৰ সামৰিক সামগ্ৰী আৰু ইন্ধন মজুত কৰা হৈছে।
বিশ্লেষক সকলৰ মতে Audio clipটো বিশ্বাসযোগ্য। চীনা সেনাই টাইৱান দখল সম্পৰ্কীয় আলোচনা ৰেকৰ্ড কৰিছে। কেনেবাকৈ তাৰ পৰা লিক হৈছে। মন কৰিবলগীয়া যে ১৯৪৯ চনত Red Army প্ৰতিষ্ঠা হোৱাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে এনে চাঞ্চল্যকৰ তথ্য ফাদিল হৈছে। চীনৰ বিষয়াসকলে বাৰে বাৰে ঔদ্যোগিক কেন্দ্ৰ গুৱাংডং প্ৰদেশৰ পাৰ্ল হাৰ্বাৰ বদ্বীপত নিৰাপত্তাৰ আহ্বান জনাই আহিছে। কাৰণ গুৱাংডং চীনৰ উদ্যোগ আৰু গধুৰ উদ্যোগৰ কেন্দ্ৰ। ইয়াত চীনৰ Tech Gient Huwai আৰু Tencent মুখ্য কাৰ্যালয়।
চীনে সদায় টাইৱানক নিজৰ ভূখণ্ডৰ অংশ হিচাপে দাবী কৰি আহিছে। কিন্তু Xi Jinping Beijingত ক্ষমতা দখল কৰাৰ পাছৰে পৰা Communist দেশখন অধিক আক্ৰমণাত্মক হৈ পৰিছে। ৰাষ্ট্ৰপতি ছিয়েও এবাৰতকৈ অধিকবাৰ টাইৱানক বলপূৰ্বকভাৱে দখল কৰাৰ কথাও কয়।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati