do you know why laptops have small black cylinder in charger?
Follow Us at Twitter : https://twitter.com/times_guwahati
আমি দৈনন্দিন জীৱনত এনে বহুতো বস্তু ব্যৱহাৰ কৰো, যাৰ আঁৰৰ যুক্তি আমি নাজানো। ঘৰৰ পৰা কাম কৰি থাকোতে এতিয়া মানুহে লেপটপ বহুত ব্যৱহাৰ কৰিছে। আপুনি নিশ্চয় লেপটপত মাউছ আৰু চাৰ্জাৰ বহুবাৰ দেখিছে। কিন্তু আপুনি লক্ষ্য কৰিছেনে যে লেপটপটোৰ চাৰ্জাৰ লগত এটা ব্লেক বক্স সংলগ্ন হৈ আছে। কিন্তু আপুনি ভাবিছেনে যে এই বাকচটো কিয় আছে?
লেপটপৰ চাৰ্জাৰত নিৰ্মিত ক’লা ঘূৰণীয়া অংশটোক ফেৰাইট বিড(ferrite bead) বা ফেৰাইট চ’ক(ferrite choke) বুলি জনা যায়। ইয়াক ফেৰাইট চিলিণ্ডা(ferrite cylinder)ৰ বুলিও কোৱা হয়। এই ক’লা অংশটোক এক প্ৰকাৰৰ ইলেক্ট্ৰনিক চাৰ্কিট(Electronic curcuit) বোলা হয়। ইয়াৰ ফলত লেপটপটোত পোৱা উচ্চ কম্পাঙ্ক হ্ৰাস পায়। অৰ্থাৎ ফেৰাইট বিড(ferrite bead) প্ৰবাহে উচ্চ কম্পাঙ্ক দমন কৰাৰ কাম কৰে। এনে কৰিলে ডিভাইচটোৰ ক্ষতি হোৱাৰ সম্ভাৱনা কমি যায়। যদি এই বাকচটো নাথাকে, তেন্তে লেপটপটোৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
কম বিঘিনি কৰে
এই ব্লেক বক্সে লেপটপত হব পৰা ক্ষ্তি কমাই দিয়ে। যদি ই নাথাকে তেন্তে চাৰিওফালে থকা ৰেডিঅ' ফ্ৰিকুৱেন্সিয়ে আপোনাৰ পৰ্দাখন জোকাৰ খাব। ইয়াৰ ফলত পৰ্দাখন জিলমিলাই থাকিব। এই বাকচটোৱে এই সমস্যাৰ সমাধান কৰে। ইয়াৰ বাহিৰেও যেতিয়া লেপটপত কাৰেণ্ট পাছ কৰা হয়, তেতিয়া তাৰ পৰা ৰেডিঅ’ শক্তি তৈয়াৰ কৰা হয়। এই শক্তিৰ ফলত কোনো ধৰণৰ লোকচান নোহোৱাকৈ চাৰ্জ কৰিব পৰা যায়।
আপোনাৰ বহুমূলীয়া ডিভাইচ সংৰক্ষণ কৰে
লেপটপত নিৰ্মিত এই চিলিণ্ডাৰৰ বাবে আপোনাৰ মূল্যৱান লেপটপটো ভাল হৈ থাকে। সহজ ভাষাত ক’বলৈ গ’লে এই চিলিণ্ডা(cylinder)ৰে এটা যন্ত্ৰত দুয়োফালৰ পৰা বৈ যোৱা কম্পাঙ্ক কমাই দিয়ে। যদি এই চিলিণ্ডাৰ()টো নাথাকে তেন্তে আপোনাৰ ডিভাইচ(device)টো নষ্ট হ’ব। এই চিলিণ্ডাৰে ডিভাইচ(cylinder device)টোক ৰেডিঅ’ ফ্ৰিকুৱেন্সি(radio frequency)ৰ পৰা ৰক্ষা কৰে। গতিকে এই সৰু বাকচটোৱে আপোনাৰ বহুমূলীয়া লেপটপটো কেনেকৈ ৰক্ষা কৰে সেয়া আপুনি গম পালে।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews