এছিয়াৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ গাঁওখনৰ ১৫খন সুন্দৰ ছবি the cleanest village of india

 the cleanest village of india

cleanest-village-of-india


২০০৩ চনত মাউলিননং গাঁৱে এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁৱৰ মৰ্যাদা লাভ কৰে।ভাৰতত স্বচ্ছতা সম্পৰ্কে চৰকাৰে সময়ে সময়ে বিভিন্ন আঁচনি চলাই আহিছে। এই সময়ছোৱাত টিভিৰ বিজ্ঞাপন, হোল্ডিং, আৰু পোষ্টাৰ জৰিয়তে মানুহক সজাগ কৰাৰ প্ৰচেষ্টা কৰা হয় কিন্তু চৰকাৰৰ এইবোৰ কথা আমাৰ দেশৰ একাংশ অজ্ঞান মানুহৰ মূৰৰ ওপৰেৰে যায়। ভাৰত’ত আপুনি পান খাই দেৱালত পিক পেলুৱা মানুহ বহুত দেখিব তেওলোকে পান খাই দেৱাল বুৰ ৰঙা কৰি পেলাই তাৰ উপৰিও জতে ততে পেসাৱ কৰা মানুহু বহুত দেখিবলৈ পাব। কিন্তু ভাৰতৰ এখন গাঁও আছে য’ত ৰাইজে স্বচ্ছতাৰ বিষয়ত আদৰ্শ দাঙি ধৰিছে।

আহক আমি এই ১৫ খন সুন্দৰ ছবিৰ জৰিয়তে ভাৰতত অৱস্থিত এছিয়াৰ এই আটাইতকৈ পৰিষ্কাৰ গাঁওখন ভ্ৰমণ কৰোঁ-

১- মেঘালয়ৰ উত্তৰ-পূব ৰাজ্য ভাৰতৰ পূব খাচী পাহাৰত অৱস্থিত এই গাঁওখনৰ নাম মাউলিননং গাঁও।

cleanest-village-of-india

২- ভাৰত-বাংলাদেশৰ সীমান্তত অৱস্থিত হোৱাৰ বাবে ইয়াৰ পৰা বাংলাদেশৰ সীমাও স্পষ্টকৈ দেখা পোৱা যায়।

cleanest-village-of-india


৩- ২০০৩ চনত মাউলিননং গাঁৱে এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁৱৰ মৰ্যাদা লাভ কৰে।

cleanest-village-of-india


৪- অতুলনীয় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত মেঘালয়ৰ মাউলিনাং গাঁওখনক ‘ঈশ্বৰৰ নিজৰ বাগিচা’ বুলিও কোৱা হয়।

cleanest-village-of-india


৫- মেঘালয়ৰ এই গাঁৱত খাচী জনগোষ্ঠীৰ লোক বাস কৰে, যিসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাক অতি গুৰুত্বসহকাৰে লয়।

cleanest-village-of-india


৬- গাঁৱৰ সকলো মানুহে নিজৰ ঘৰৰ লগতে ৰাস্তা-ঘাট চাফা কৰে। সকলো ঘৰৰ সন্মুখত বাঁহেৰে বনোৱা ডাষ্টবিন আছে।

cleanest-village-of-india


৭- মাউলিননং গাঁও ভাৰতৰ একমাত্ৰ জনজাতীয় গাঁও য'ত প্ৰতিটো ঘৰতে শৌচাগাৰ আছে।

cleanest-village-of-india


৮- মাউলিনাং গাঁৱৰ মানুহে প্লাষ্টিকৰ বেগৰ সলনি কাপোৰৰ বেগ ব্যৱহাৰ কৰে। এই গাঁওখন সম্পূৰ্ণ প্লাষ্টিক মুক্ত।

cleanest-village-of-india


৯- গাঁৱৰ জনসাধাৰণৰ উপাৰ্জনৰ মূল উৎস হৈছে কৃষি। ইয়াৰ বাহিৰেও গাওঁখনৰ মানুহে কাঠৰ ব্যৱহাৰ বেছি।

cleanest-village-of-india


১০- মাউলিনাং গাঁৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াত শিশুৱে দেউতাকৰ উপাধিৰ সলনি মাতৃৰ উপাধি ব্যৱহাৰ কৰে। এনে অৱস্থাত এই গাঁওখন সকলোৰে বাবে এক আদৰ্শ।

cleanest-village-of-india


১১- মাউলিনাং গাঁৱৰ সাক্ষৰতাৰ হাৰ ১০০ শতাংশ। গাঁৱৰ বেছিভাগ মানুহেই ভাল ইংৰাজী কয়।

cleanest-village-of-india


১২- গাঁৱৰ ৰাইজে আৱৰ্জনাবোৰ পুনঃব্যৱহাৰ কৰি গোবৰ হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ ফলত পৰিৱেশটোও পৰিষ্কাৰ হৈ থাকে আৰু শস্যৰ উৎপাদনো ভাল হয়।

cleanest-village-of-india


১৩- এই গাঁৱৰ দলংখন গছজোপাৰ গুৰিৰে নিৰ্মাণ কৰা হৈছে, যিখন দেখাত অতি সুন্দৰ আৰু চাবলৈ আকৰ্ষণীয়। ট্ৰেকিংৰ বাবে এই দলংবোৰ অতি বিশেষ।

cleanest-village-of-india


১৪- মাউলিনাং গাঁও চাৰিওফালৰ পৰা সেউজীয়াৰে আগুৰি আছে। ইয়াত নৈ, জলপ্ৰপাত, জীৱন্ত শিপাৰ দলং, পাহাৰ আদি অতি আকৰ্ষণীয় যিয়ে গাওঁখনৰ সৌন্দৰ্য্য বৃদ্ধি কৰে।

cleanest-village-of-india


১৫- মাউলিনাঙৰ দ্বাকী নৈৰ পানী ইমানেই স্পষ্ট যে তাত চলা নাও এখনৰ পৰা চালে এনে লাগে যেন আপুনি পানীত নহয়, বতাহত ওপঙি আছে।

cleanest-village-of-india

আজি মাউলিনাং গাঁও এই গুণসমূহৰ বাবেই মেঘালয়ৰ এক প্ৰধান পৰ্যটনস্থলীত পৰিণত হৈছে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.