" ৰুমলৈ ছোৱালী আনি বিপদত পৰিল প্ৰশান্ত "ব্লেকমেইল" "এটি জীয়া কাহিনী"

ৰুমলৈ ছোৱালী আনি বিপদত পৰিল প্ৰশান্ত "ব্লেকমেইল" "এটি জীয়া কাহিনী"

 "ব্লেকমেইল" "এটি জীয়া কাহিনী"

লেখনি - নয়ন নাথ 



          :প্ৰশান্ত ঐ প্ৰশান্ত"

          :কোন ঔ এই ৰাতিপুৱাই ৰাতিপুৱাই"

   "ঐ কুম্ভকৰ্ণ মই বাস্তৱ" তোৰ উঠিবলৈ হোৱাই নাই নে

        "বাস্তৱ তই ইমান ৰাতিপুৱাতেই মৰিলি আহি যে কিয়"

"ঐ কুম্ভকৰ্ণ এতিয়া ৰাতিপুৱা হৈ থকা নাই 8 বাজিবলৈ হল, সোনকালে দুৱাৰ খন খুলি দে"

      "খুলিছোঁ ৰ"

            "প্ৰশান্ত ই ভিতৰৰ পৰা দুৱাৰ খন খুলিছিল আৰু বাস্তৱ ভিতৰলৈ সোমাই গৈ বিছনা খনত বহিছিল"

     "পিছে তই অফিচ যাম বুলিয়ে ইমান ৰাতিপুৱাই ওলালহি নে কি?"

"অ'হ কিয়?"

      ভালেই হল তেন্তে তই অফিচলৈ গৈ বছক কৈ দিবি আজি মোৰ গা বেয়া সেয়ে অফিচ নাহিল বুলি"

    "কিন্তু তোৰ হৈছে কি , মই দেখাত তো তোৰ গা বেয়া নহয়"

"হে গা বেয়া তো মোৰ অজুহাত হে মাথোন মই অফিচ নোযোৱাৰ কাৰণ বেলেগ"

    "কি কাৰণ ক চোন শুনো"

"আজি মই ডেট ত যাম"

    "কি??? কিন্তু কাৰ লগত:

       "Gf ৰ লগত"

   "Gf মানে কামফেৰা কেতিয়া কৰিলি , মানে gf তই কেতিয়া বনালি ?"

      "বহুত ডাঙৰ কাহিনী দে, সেইটো" 

             "ক চোন ক কি কাহিনী" প্ৰথমে ক তাই দেখিবলৈ কেনেকুৱা,? নাম কি,? ঘৰ কত তাইৰ"

     :উফ ।। তাই দেখিবলৈ বহুত মৰম লগা ।। আৰু তাইৰ নাম হল নবমল্লিকা ।। তাই ইয়াতেই থাকে, স্কুলত শিক্ষকতা কৰে 

       :বা দৌস্ত তোক আৰু কোনে পাই, স্কুলৰ শিক্ষয়িত্ৰী Gf ৰূপত পালি, তোৰ এইখন কপাল ভাই"

      "তই বাৰু জ্বলিছ নেকি"? 

    :হে মই আকৌ কিয় জ্বলিম ।। মোৰ বহুত ভাল হে লাগিছে ।। বাৰু এতিয়া ক  নবমল্লিকাক তই কত আৰু কেনেকৈ লগ পালি?" 

       :কৈছোঁ শুন !! তই ঘৰলৈ যোৱাৰ পিছদিনাৰ ঘটনা ।।  মই অফিচ ছুটীৰ পিছত ঘৰলৈ যাবলৈ ওলাই আহিছোঁ ।। তেতিয়া সময় আবেলি 5 বাজিছে ।। বতৰ তো বৰ এটা ভাল নহয় কলীয়া মেঘে গোটেই আকাশ খন ঢাকি ধৰিছে, মাজে মাজে দুই এটা ধেৰেকণী ৰ শব্দ আহিছে, বৰষুণ যাক বৰ তানকৈ আহিছে।। সেয়ে মই বৰষুণ অহাৰ আগতে ৰুমটো লওঁ গৈ বুলি বাইক খন পাৰ্কিং ৰ পৰা উলিয়াই অফিচৰ পৰা ওলাই আহিছোঁ ।। কিছু দূৰ অহাৰ পিছত নৈপাম তিনিআলিত ৰাস্তাৰ কাষতে থকা এখন বন্ধ দোকানৰ পৰা গৈ থকাৰ মাজতে মোক এজনী ছোৱালী য়ে চিঞৰি মতা শুনিবলৈ পালো ----------

         :দাদা" "দাদা" :শুনক চোন" 

"ছোৱালী জনীৰ মাত শুনি মই ৰৈ দিছিলোঁ ।। তেতিয়ালৈ এটুপ এটুপ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছিল , মই ৰৈ দিয়া ঠাইখিনি লৈ ছোৱালী জনী দৌৰি আহি কৈছিল"

    "দাদা নমস্কাৰ"

   "অ" নমস্কাৰ" কোৱাচোন মোক কিয় মাতিলা মই তো তোমাক চিনি পোৱা নাই"

    "অ" মানে দাদা মই বহুত ডাঙৰ বিপদত পৰিছো , এই দোকান খনৰ গলিত ৰৈ থকা মোৰ 3 ঘণ্টা পাৰ হৈ গল ।। এতিয়ালৈকে এখন গাড়ী নাই ।। কৰবাত হেনো প্ৰধানমন্ত্ৰী আহিছে সেয়ে সকলো বোৰ গাড়ী মন্ত্রীৰ সভালৈ গৈছে, এইফালে বতৰ বেয়াকৈ আহিছে , লগতে সন্ধিয়া ও হৈছে, সেয়ে আপুনি মোক ৰুমলৈ আগবঢ়াই দিব পাৰিব নেকি বুলি মাত লগালো"

       "Atcha তোমাৰ নাম ?

    "নবমল্লিকা" 

      "পিছে তুমি যে তিনিঘণ্টা ইয়াত এনেকৈ ৰৈ থকা বুলি কলা ইমান সময়ে ৰাজপথত গাড়ী হে পোৱা নাই বাকী কোনো মানুহৰ bike দেখি পোৱা নাছিলা নেকি?"

     দেখিছিলো 4 খন মানক হাত জোকাৰিলোঁ তাৰে 3 খনে নৰখিল । যি নেকি এখন ৰখিলে সেইখনে ও মোক আগবঢ়াই দিবলৈ নোৱাৰো বুলি কলে

     "এতিয়া পিছে নবমল্লিকা এটি কথা হল নহয়"

           "কি কথা দাদা?

   "মোৰ তোমাক আগবঢ়াই দিয়াত কোনো আপত্তি নাছিল।। আপত্তি মাথো মোৰ Gf ৰ হে ।। Gf ৰ চৰ্ত মতে মই মোৰ বাইকত তাইৰ বাহিৰে অন্য কোনো ছোৱালী উঠাবলৈ নোৱাৰো সেয়ে তুমি বেয়া নাপাবা Sorry"

     একো নাই It's Ok দাদা বুলি কৈ তাই পুনৰ বন্ধ দোকানৰ সন্মুখলৈ সোজ দিছিল ।। মই দেখিছিলো ইমান সময়ে ৰাস্তাত এখনো গাড়ী অহা নাছিল। মানে তাই মিছা কোৱা নাছিল তাই সচাই বিপদত পৰিছে ।।  এইফালে ৰাতিৰ অন্ধকাৰে আহি আবৰি ধৰিছিলে, মোৰ তাইলৈ বেয়া লাগিল সেয়ে মোৰ পৰা আগ্ৰহেৰে বিচাৰি অহা সহায় খিনি কৰি দিয়ো বুলি পিছফালৰ পৰা  মাত লগালো"

      "নবমল্লিকা"

"অ'হ" কিবা কব"

     "কিয় ৰুমলৈ লৈ যাব নালাগে"

"লাগিছিল কিন্তু মোক লৈ গলে আপোনাৰ সমস্যা হব সেয়ে নালাগে মই বেলেগ ব্যৱস্থা কৰিম"

    "কিন্তু এতিয়া নিশা 7 বাজিল কি ব্যৱস্থা কৰিবা তুমি ।। আহা মোৰ বাইকত বহা ।। আৰু শুনা মোৰ কোনো Gf নাই ।। তোমাক জুখি চাবলৈ তেনেকৈ কৈছিলোঁ ।। অকণো ভয় নকৰিবা আহা

    "নবমল্লিকা ই মোৰ কথা শুনি দৌৰি অহাদি আহি মোৰ বাইকত বহিছিল আৰু ৰুমলৈ মোক ৰাস্তা দেখুৱাই দিছিল ।। তাই দেখুৱাই দিয়া ৰাস্তাৰে মই বাইক খন চলাই গৈছিলোঁ ।। মাজ ৰাস্তাতে আমাক বৰষুণজাকে পাইছিল  গোটেই দেহ আমাৰ বৰষুণত তিতি গৈছিল , বৰষুণৰ মাজেৰে গৈ গৈ মই তাইৰ ৰুমত উপস্থিত হৈছিলোঁ , বাইকৰ পৰা নামি তাই ৰুমৰ ভিতৰলৈ সোমাই গৈ ৰুমৰ লাইট জ্বলাই মোক ভিতৰলৈ মাতিছিল, মাত শুনি ময়ো  এখোজ দুখোজ কৈ বাইক খনৰ পৰা ভিতৰলৈ সোমাই গৈছিলো কিন্তু নবমল্লিকা ক মই লাইটৰ পোহৰত দেখা মাত্ৰকে নজনাকৈয়ে মোৰ দেহ তো জিকাৰ খাই উঠিছিল, কাৰণ বৰষুণত তিতি বুৰি অহা নবমল্লিকাৰ দেহত চুৰিডাৰৰ পাতল কামিছ তো লিপিত খাই ধৰিছিল , আৰু কাপোৰৰ মাজেৰে তাই দেহৰ গোপন অংগ বোৰ লাইটৰ পোহৰত জিলিকি উঠিছিল, একেথৰে তাইৰ দেহলৈ ৰ লাগি চাই থাকোঁতেই মোক তাই মাত লগাইছিল"

     "দাদা" কি ভাবিছে" এইখন গামোচা গা তো মচি লওক"

"তাইৰ মাতত মোৰ হৰ্থাৎ চেতনা ঘূৰি আহিছিল, আৰু ধৰা পৰাৰ ভয়ত তাইৰ কথাত সুৰ মিলাই এটি হাঁহি মাৰি কৈছিলোঁ নাই দিয়া একো ভবা নাই দিয়া গামোচা খন দিয়া" নবমল্লিকা ই মোক গামোচা খন আগবঢ়াই দিছিল আৰু মোৰ ওচৰৰ পৰা আঁতৰি গৈছিল, 

             "লাহে লাহে বৰষুণ কমিল , নবমল্লিকাই হাতত চাহৰ কাপ এটি লৈ মোৰ ওচৰলৈ আহিছিল"

            "দাদা চাহ লওক"

"অ'হ দিয়া ।। চাহ তুমি কৰিলা?"

     "অ'হ মোৰ বাহিৰে নো চাহ কৰিবলৈ ৰূমটোত আছে কোন ? মই অকলেহে থাকো"

   "অ" বাৰু তুমি পঢ়ি আছা"?

"নাই মই এজনী টেট শিক্ষয়িত্ৰী" 

     "ধুনীয়া"

"পিছে আপুনি"

     "মই ও চাকৰি য়ে কৰি আছো কিন্তু তোমাৰ দৰে চৰকাৰী নহয় মই এটি Private company ৰ brunch menejer ৰ চাকৰি কৰি আছো" বাৰু লগ পাই চিনাকি হৈ ভাল লাগিল , এইখন মোৰ কাৰ্ড ৰাখি থোৱা কেতিয়াবা আজিৰ দৰে বিপদত পৰিলে ফোন কৰিবা, এতিয়া বৰষুণ জাক কমিছে মই গৈ থাকো"

      "ঠিক আছে ভালকৈ যাবা"

  "Ok,  Good night 

          Good night

:নবমল্লিকা ৰ পৰা বিদায় লৈ মই নিশা 9 মান বজাত ৰুম আহি পালো, আৰু বৰষুণত তিতি অহা কাপোৰ বোৰ সলনি কৰি ভাত ৰন্ধাত লাগিলোঁ ।। ঠিক সেইসময়ত মোৰ মোবাইল তো বাজি উঠিল মোবাইল তো হাতত লৈ দেখিলো এটি অচিনাকি নম্বৰ ।। ইমান ৰাতি কাৰ ফোন হব পাৰে বুলি ভাবি থাকোতেই ফোনটো কাটি গল ।। মই কল বেক কৰিব উলাওঁতেই পুনৰ মোবাইল তো বাজি উঠিল এইবাৰ মই পলম নকৰি ফোনটো ৰিচিভ কৰিলোঁ -----

   :হেল্ল

  :হেল্ল দাদা ( এটি ছোৱালী মানুহৰ কণ্ঠ ভাহি আহিল )

  :হয় কোনে কলে

  :মই নবমল্লিকা

  :অ নবমল্লিকা কি কৰিছা তুমি 

  : শুইছোঁ ।। আপুনি?

   :মই ভাত ৰান্ধি আছোঁ 

  : তেনেহলে মই ফোন কৰি আমনি হে কৰিলোঁ চাগৈ ।। ভাত ৰান্ধক ।। মই গৈ পালে নে নাই তাকে জানিবলৈ হে ফোন কৰিছিলোঁ , এইটো মোৰ নম্বৰ চেভ কৰি থৈ দিব

 :চেভ বাৰু কৰিম ।। কিন্তু এনেকৈ ফোন কৰি খবৰ খাটি লৈ থাকিবা , তোমাৰ ফোনে মোক কেতিয়াও আমনি নিদিয়ে, তুমি মোক যেতিয়াই মন যায় তেতিয়াই কৰিব পাৰিবা 

  :,ঠিক আছে হব দিয়ক ৰাখিছোঁ এতিয়া by 

  :,উম By 

... এনেকৈ আৰম্ভণি হৈছিল নবমল্লিকা আৰু প্ৰশান্ত ৰ মাজত  বন্ধুত্ব ।। লাহে লাহে দিন বাগৰি বন্ধুৰ সম্পৰ্ক  গুচি দুয়ো জনৰ মাজত গঢ়ি উঠিল এটি মধুৰ প্ৰেমৰ সম্পৰ্ক, আজি প্ৰশান্ত ই প্ৰথম Gf লগত লৈ ডেট ত যাব ।। সেয়ে বাস্তৱ আহি পোৱাত মনে মনে ভালেই পাইছিল কাৰণ সি অফিচ নোযোৱাৰ কাৰণ তো বচ জনক কৈ দিব পাৰিব যিহেতু বাস্তৱ বচ জনৰ বহুত বিশ্বাসী আছিল 

        :বাস্তৱৰ হতুৱাই বছ জনক মিছা কথা কৈ হলেও প্ৰশান্ত ই নবমল্লিকা ৰ সৈতে ফুৰিবলৈ গল , গোটেই দিনটো বিভিন্ন ঠাইত ঘূৰি ফুৰি সন্ধিয়া সময়ত নবমল্লিকাক ৰুমত থৈ প্ৰশান্ত নিজৰ ৰুমলৈ আহিল , প্ৰথম দিনা gf ৰ লগত কটোৱা কিছু নষ্টালজীক ৰোমাঞ্চকৰ কথা বন্ধু বাস্তৱৰ আগত বৰ্ণনা কৰি নিশা বাঢ়ি অহাৰ লগে লগে নিশাৰ আহাৰ খাই শুই পৰিল ।। 

        এনেকৈ ঘন্টাৰ পিছত ঘন্টা গৈ দিন বাগৰিল , প্ৰশান্ত আৰু নবমল্লিকা ৰ প্ৰেমৰ সম্পৰ্ক গভীৰ ৰ পৰা গভীৰ হৈ পৰিল , সিহঁতে প্ৰেমৰ নামত সঘনাই লগ হবলৈ ধৰিলে, দুয়ো ইজনে সিজনৰ ওচৰ চাপি যাবলৈ ধৰিলে, ঠিক তেনেতে এদিনাখন নবমল্লিকা ই প্ৰশান্ত লৈ চাই কলে 

       :প্ৰশান্ত মোৰ এনেকৈ মানুহৰ মাজত , পার্ক, নদীৰ পাৰ , ইত্যাদি বোৰত তোমাক লগ ধৰি ধৰি আমনি লগা হৈছে, মোৰ তোমাক একেবাৰে ওচৰৰ পৰা পাবলৈ মন গৈছে, তোমাৰ বুকুৰ মাজত জিৰণি লবলৈ মোৰ মন ব্যাকুল হৈ পৰিছে, হিয়া উজাৰি বুকু ভৰি মৰম দিবলৈ মন গৈছে , তোমাৰ জানো তেনেকুৱা হোৱা নাই"

  :,এনেকুৱা এটি প্ৰস্তাৱ যদি প্ৰথম ছোৱালীজনীৰ পৰাই আহে লৰাৰ মন আৰু কত বান্ধি ৰাখিব পাৰে , সেয়ে প্ৰশান্ত ই ইমান দিনৰ পৰা মনৰ ভিতৰত ভাবি থকা কথা প্ৰকাশ কৰিলে -

    "হৈছে নবমল্লিকা মোৰো তোমাৰ দৰেই একেই অনুভৱ হৈছে, মোৰ তোমাক বৰষুণ ত তিতি ৰুমলৈ যোৱা দিনাই মৰম কৰিবলৈ মন গৈছিল , তোমাৰ মৰম লগা ধুনীয়া দেহ চুই চাবলৈ মন অস্থিৰ হৈ পৰিছিল, আজিয়ো মোৰ চকুত সেই দিনটোৰ দৃশ্য ভাঁহি আহে , আৰু তোমাৰ সেই ছবি মনলৈ আহিলে নজনাকৈয়ে মোৰ  গা তো চোন জিকাৰ খাই উঠে

  :তেনেহলে বলা তোমাৰ ৰুমলৈ যাওঁ, 

  :,মোৰ ৰুমলৈ

  :অ'হ উচপ খাই উঠিলা যে কিয় যাবলৈ নোৱাৰি নেকি

  :নাই নোৱাৰি মালিকে মোৰ ৰুমলৈ ছোৱালী নিবলৈ মানা কৰি থৈছে

  :,তেনেহলে এতিয়া আমি কত লগ কৰিম ,

  :ৰবা কিবা বেলেগ চিন্তা কৰিব লাগিব , তুমিও খবৰ কৰা তেনেকুৱা এটি ৰুম কৰবাত পাই নেকি, ময়ো বাৰু বিচাৰি চাওঁ তেনেকুৱা এটি ৰুম ঠিক কৰিব পৰা যায় নেকি

 :উম

:তেনেহলে বলা এতিয়া ৰুমলৈ যাওঁ ,

  :,উম বলা

:এনেকৈ কথা হৈ যোৱাৰ তিনিদিন পিছত নবমল্লিকা ই প্ৰশান্ত লৈ ফোন লগাই কলে যে তাই এটি ৰুম পাইছে , আৰু সেই ৰুমটোৰ ভিতৰতে এটা ৰাতি দুয়ো জনে নিচিন্ত মনে পাৰ কৰিব পাৰিম বুলিও জনালে ।। তাকে শুনি প্ৰশান্তৰ মন আনন্দত নাচি উঠিল, নবমল্লিকা ক ওচৰতে পাব গোটেই ৰাতি হেপাঁহ পলুৱাই মৰম কৰিব , দুয়ো জনৰ মন ভৰি পৰিব এই আশাৰে প্ৰশান্তই নবমল্লিকাৰ লগত তাই ঠিক কৰা ৰুমত এটি সম্পূৰ্ণ উজাগৰী নিশা পাৰ কৰিলে, গোটেই নিশা প্ৰশান্তৰ বহল বুকুৰ মাজৰ নবমল্লিকা ৰ উলংগ দেহৰ মধুৰ আলিংগন পাই মন প্ৰাণ ভৰি গৈছিল, এনেকৈ এটা সপ্তাহ পাৰ হৈ গৈছিল, 

        : তেনেতে এদিনাখন দুপৰীয়া 12 মান বজাত এটি অচিনাকী নম্বৰৰ পৰা প্ৰশান্ত লৈ What's up যোগে কিছুমান ফটো আৰু এটি ভি দি অ আহিছিল,  প্ৰশান্তই ফটো আৰু ভি দি অ চাই অবাক হৈ পৰিছিল কাৰণ সেই ফটো বোৰ নবমল্লিকা ৰ লগত পাৰ কৰা মধুৰ নিশাৰ দুয়োজনৰ উলংগ ছবি ভাঁহি আছিল ।। এইবোৰ কি আৰু কেনেকৈ হল জানিবলৈ প্ৰশান্তই লগা লগ নবমল্লিকা ক ফোন লগাইছিল 

     : হেল্ল নবমল্লিকা

      :উম কোৱা

       :কত আছা তুমি

       :মই স্কুলত কিয়

       :তোমাক মই What's up ত কিবা দিছোঁ চোৱাচোন

       :কি দিছা নো

       :আগত চোৱা

        : ৰবা চাই আছোঁ বুলি নবমল্লিকা ই whatshp লৈ গৈ প্ৰশান্তই পঠিয়াই দিয়া ফটো বোৰ চাই অবাক হৈ পৰিছিল, প্ৰশান্ত এইবোৰ কি? চি:: তোমাৰ লাজ নালাগিল এনে ফটো মাৰি মোবাইলত থৈ দিবলৈ, 

     :নবমল্লিকা তুমি ভুল ভাবিছা মই এইবোৰ ফটো মৰা নাই ।। মোলৈ এইমাত্ৰ এটি অচিনাকি নম্বৰৰ পৰা এই ফটো বোৰ আহিছিল,

   :কি কাৰ নম্বৰ ? চাওঁ নম্বৰ তো মোক দিয়া চোন 

   : Ok এইটো লোৱা 867549** 

   : ৰবা মই কল কৰি চাও

    : উম কৰি চোৱাচোন

    : নবমল্লিকা ই প্ৰশান্তৰ ফোন Hold কৰিছিল আৰু নম্বৰ টোত ফোন লগাইছিল কিন্তু নম্বৰ তো বধ্য নাছিল 

   : প্ৰশান্ত কি কৰিবা এতিয়া নম্বৰ টোত চোন ফোন নালাগে মোৰ কিবা ভয় হে লাগিছে যদি কেনেবাকৈ এই ফটোবোৰ মা - দেউতাই পাই মোক জীয়াই জীয়াই জ্বলাই দিব প্লিজ তুমি কিবা এটা কৰা 

   : ৰবা চোন ইমান ভয় নকৰিবা , যিজনে এই ফটো বোৰ মোলৈ পঠিয়াইছে অথবা কেমেৰাত বন্ধী কৰিছে তাৰ নিশ্চয় কিবা দাবী নহলে উদ্দেশ্য আছে আৰু তাৰ সেই উদ্দেশ্যে পূৰণ কৰিব পাৰিলেই ফটো দিলিত হৈ যাব । 

কিন্তু কাৰ কি উদ্দেশ্য আছে তুমি কেনেকৈ জানিবা

নবমল্লিকা মোৰ মনে কৈছে মানুহ জনৰ উদ্দেশ্য মোক জনাবলৈ নিশ্চয় ফোন কৰিব নহলে মেছেজ কৰিব তেতিয়া গম পাই যাম কাৰ কি স্বাৰ্থ লুকাই আছে, আৰু যি উদ্দেশ্য লৈ মোক ফোন কৰিব সেইটো পূৰণ কৰিব পাৰিলে আমি বাছি যাম

  : যদি তুমি নোৱাৰা পূৰণ কৰিবলৈ তেতিয়া

  :উফ তুমি মিছাই ইমান চিন্তা কৰিছা মই আছোঁ ন সকলো ঠিক হৈ যাব ।। এতিয়া মাথো আমাৰ অপেক্ষা অচিনাকী নম্বৰৰ ফোন কললৈ , এনেকৈ এ বহুতো উৎকন্ঠা ৰ মাজেৰে সময় বাগৰি ধৰালৈ নিশাৰ অন্ধকাৰ নামি আহিল , প্ৰশান্তই কিন্তু এইবোৰ কথা বাস্তৱত জানিবলৈ দিয়া নাছিল ।। কাৰণ নবমল্লিকাৰ লগত প্ৰেমৰ সম্পৰ্ক থকা কথা টোহে বাস্তৱে জানিছিল কিন্তু তাইৰ লগত কৰা শাৰিৰীক সম্পৰ্কৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত আছিল ।। 

       :আজি ৰুমত প্ৰশান্ত থাকিব পৰা নাই ।। বিভিন্ন চিন্তাই আহি তাক আমনি কৰিবলৈ ধৰিছে বিছনাত পৰিয়ো চকুত আজি টোপনি নাই ।। কোনে কি কাৰণত এই ফটো তুলিলে তাৰ চিন্তাই তাক খুলি খুলি খাবলৈ ধৰিলে, তাৰ লগত কাৰ এনে শত্ৰুতা থাকিব পাৰে যিয়ে নেকি নিজৰ লক্ষ্য পূৰণ কৰিবলৈ এনেকুৱা অসৎ কামত লিপ্ত হব পাৰে , এইবোৰকে চিন্তা কৰি থাকোতে তাৰ মোবাইল তো বাজিবলৈ ধৰিলে, মোবাইল তোৰ ফালে নোচোৱাকৈ প্ৰশান্তই ফোনটো ৰিচিভ কৰিলে ------------

    :হেল্ল

:হেল্ল মিষ্টাৰ প্ৰশান্ত

:হয় কোনে কলে

:তোৰ বাপেৰে কৈছোঁ হা হা হা

:অভদ্ৰ নেকি, ইমান ৰাতি ফটোৱামী কৰিবলৈ মানুহ বিচাৰি পোৱা নাই

:ৰব ৰব আপোনাৰ খং উঠিছে নেকি, খং নকৰিব খং নামেই চণ্ডাল

:চাওক মই ভদ্ৰ ভাবে কৈছোঁ কোনে কি কাৰণত ফোন কৰিছে কওঁক 

: কৈছোঁ, আজি দুপৰীয়া নিশ্চয় আপুনি  কিছুমান ফটো পাইচে , মই বুজাই নকলেও আপুনি চাগৈ বুজি উঠিচে মই কিহৰ কথা কবলৈ বিচাৰিছোঁ

:হয় হয় বুজিছোঁ , মই আপোনাক কাবৌ কৰিছোঁ, আপুনি ফটো বোৰ দিলিত কৰি দিয়ক তাৰ বিনিময়ত মই আপোনাক যি লাগে তাকেই দিম

:নিশ্চয় দিলিত কৰিম , মাত্ৰ ইয়াৰ বিনিময় মোক আপুনি 5 লাখ টকা দিব লাগিব, পাৰিব নে দিব

:হয় পাৰিম

: That's good তেন্তে এটি Account Details WhatsApp ত পাই যাব তাত 24 ঘণ্টাৰ ভিতৰত বিচৰা টকা Transfer কৰিব,

:ঠিক আছে মই কাইলৈ আপোনাক 5 লাখ টকা পঠিয়াই দিম কিন্তু আপুনি ফটো বোৰ দিলিত কৰি দিব

:নিশ্চয় , মাথো আপুনি এই বিষয় লৈ পুলিচক অৱগত নকৰিব নহলে ফটো Virel হৈ যাব, 

:হব

:প্ৰশান্তৰ ফোনৰ সংযোগ বিছিন্ন হৈছিল, সি অকণমান শান্তিৰে উশাহ লৈছিল ,মনতে ভাবিছিল বাছি গৈছোঁ , লাহে লাহে নিশাৰ অন্ধকাৰ আঁতৰি ৰাতিপুৱা হৈছিল, ৰাতিপুৱা প্ৰশান্ত নিজৰ SBI শাশালৈ গৈ ৰাতি পঠিয়াই দিয়া Account details টোত নিজৰ Account ৰ পৰা জমা টকা 5 লাখ পঠিয়াই দিছিল আৰু এটি দীঘলীয়া হুমুনিয়াহ কাঢ়িছিল, এনেকৈ কেইদিনমান পাৰ হৈ গৈছিল কিন্তু প্ৰশান্ত ব্লেকমেইল তোৰ পৰা নাবাছিল ।। প্ৰতিটো সপ্তাহৰ মূৰত একেখিনি ফটো পঠিয়াই নতুন নতুন নম্বৰৰ পৰা ভাবুকি দিয়া আৰম্ভণি হৈছিল, কেতিয়াবা যদি 1 লাখ আকৌ কেতিয়াবা 3 লাখ মুঠৰ ওপৰত নিজৰ সন্মান ৰক্ষাৰ স্বাৰ্থত প্ৰশান্ত টকা দি দি সৰ্বহাৰ হৈ পৰিছিল ।। 3 মাহত তাৰ কপালৰ ঘাম মাটিত পেলাই উপাৰ্জন কৰা 12 লাখ টকা গল ।। ইয়াৰ উপৰিও 3 লাখ মান টকা তাৰ ধাৰ হল ।। ভাবিছিল নবমল্লিকাৰ সৈতে এখন সুখৰ সংখাৰ পাতিব কিন্তু মাজ বাটতে এইবোৰ কি হৈ গল ।। উপায়হীন প্ৰশান্ত নবমল্লিকাৰ সহায় বিচাৰি তাইৰ ৰুমলৈ গল ।। 

  :নবমল্লিকা মই মৰি যাম যেন লাগিছে , তুমি তো সকলো গম পোৱা মোৰ অৱস্থা এতিয়া কি কৰিম তাৰ এটি উপায় দিয়া 

:এটা কাম কৰোঁ নহলে আমি দুয়ো পুলিচৰ ওচৰলৈ যাওঁ বলা 

:তুমি পাগল হৈছা নেকি ।। যদি পুলিচৰ ওচৰলৈ গলে সিহঁতে ফটো বোৰ Virel কৰি দিয়ে তেতিয়া কি কৰিবা 

:নহলে এতিয়া কি কৰিবা সিহঁতৰ ভয়ত এনেকৈ সদায় টকা দি থাকিবা

: টকা বিচাৰিলে মই আৰু দিম কৰ পৰা ইতিমধ্যে মোৰ জমা টকা সকলো শেষ।। মই উপাইবিহীন  হৈ পৰিলোঁ নবমল্লিকা বুলি তাইক সাৱটি লৈ কান্দি উঠিল প্ৰশান্তই 

:ৰবা চোন কন্দা কটা কৰি থাকিলে ইয়াত উপায় বিচাৰি নোপোৱা ।। মোৰ মনে বাৰে বাৰে কৈছে আমি পুলিচৰ সহায় লব লাগিব নহলে মৰিব লাগিব ইয়াৰ বাহিৰে হাতত আৰু অন্য ৰাস্তা নাই ।। নবমল্লিকাৰ কথা শুনি প্ৰশান্তৰ মন স্থিৰ হল আৰু সি পুলিচৰ কাষ চপা টো উচিত হব ভাবি নবমল্লিকাৰ সৈতে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পুলিচৰ কাষ চাপিল ।। আৰু সিহঁতৰ লগত ঘটি যোৱা সম্পূৰ্ণ ঘটনা পুলিচৰ আগত বিবৰী কৈছিল ।। লগতে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি এখন এজাহাৰ দাখিল কৰিচে ।। গৌৰীপুৰ আৰক্ষী চকীৰ OC জয়ন্ত তালুকদাৰ ঘটনাৰ বিৱৰণ শুনি উচপ খাই উঠিছিল, প্ৰশান্তই দিয়া 10 তা কৈ ফোনৰ নম্বৰত যোগাযোগ কৰিছে কিন্তু নম্বৰ বোৰত ফোন নালাগে ।। উপায় বিহীন হৈ পৰিল পুলিচ ঘটনাৰ তদন্ত কৰ পৰা কেনেকৈ আৰম্ভ কৰিব ভাবি ভাবি বিমোৰত পৰিল ।। 

   :মিষ্টাৰ প্ৰশান্ত আৰু মিছ নবমল্লিকা আপোনালোক এতিয়া যাওঁক ।। আমি আপোনালোকৰ এজাহাৰ ৰ ভিত্তিত এতিয়াৰ পৰাই তদন্ত আৰম্ভ কৰিম ।। কিবা তথ্য বিচাৰি পালে লগা লগ জনাই দিম 

:ধন্যবাদ ছাৰ

:প্ৰশান্ত আৰু নবমল্লিকা নিজৰ নিজৰ ৰুমলৈ বুলি গুচি আহিল ।। সিহঁত যোৱাৰ পিছতে পুলিচ ঘটনাৰ তদন্তত নামি পৰিল ।। প্ৰথমে পুলিচে প্ৰশান্তই দিয়া ফোনৰ নম্বৰৰ Sim card Details উলিযায় আনিলে । কিন্তু Details চাই পুলিচ অবাক হৈ পৰিল প্ৰতি খন sim ৰ গৰাকী সেই অঞ্চলৰ কিছুমান দুখীয়া মানুহৰ Voter ID হে আছিল।। তাৰ ভিতৰত অনুসন্ধান কৰি এতিয়া লৈ তো চাৰিজন মানুহ মৰিছে বুলি পুলিচে খবৰ পাইছিল প্ৰায় তিনিজন মানক হে পুলিচে বিচাৰি পাইছিল । কিন্তু সিহঁতক জেৰা কৰি পুলিচ সফল হবলৈ পৰা নাছিল কাৰণ সিহঁতে একোকে  নাজানে কেনেকৈ কোনে সিহঁতৰ নামত sim কাৰ্ড উলিয়াইছে ।। 

          পুলিচ বিমোৰত পৰিল ঘটনাৰ গুৰি বিচাৰোঁতে বিচাৰোঁতে এটা সপ্তাহৰ অন্ত পৰিল কিন্তু কোনো তথ্য যোগাৰ কৰিবলৈ নোৱাৰিলে ।। অন্তিম বাৰৰ বাবে পুলিচে প্ৰশান্তক থানালৈ মাটি আনিছে 

   :প্ৰশান্ত

   : হয় ছাৰ

    :মই বহুত বিমোৰত পৰিছো এতিয়ালৈকে তোমাৰ ঘটনাৰ একো তথ্য আহৰণ কৰিব পৰা নাই ।। Atcha মই তোমাক মাতিলোঁ তোমালোকে যিটো ৰুমত এই অপকৰ্ম বোৰ কৰিছা তাৰ মালিক কোন 

:মই নাজানো ছাৰ নবমল্লিকা ই হে জানে ।। আৰু ৰুমটো তাই নিজে ঠিক কৰিছে

:আচৰিত ।। ছোৱালী হৈ নবমল্লিকাই নিজেই এইক্ষেত্ৰত প্ৰথমে আগভাগ লৈছে

:হয় ছাৰ তাইৰ সৈতে সম্পৰ্ক কৰিবলৈ প্ৰথম প্ৰস্তাৱ তাই নিজে দিছিল মই দিয়া নাছিলো ।।

: Really  মিছ নিবেদিতা

: হয় ছাৰ 

:আপুনি ফ্ৰজ লৈ যাওঁক আৰু নবমল্লিকা ক থানালৈ উঠাই লৈ আহক ।। দেৰি নকৰিব সোনকালেই যাওঁও নহলে পলাই যাব ।। কাৰণ খেলৰ অন্তিম সময় আহি পৰিছে 

: Ok Sir বুলি মিছ নিবেদিতা ওলাই গল নবমল্লিকাক ধৰি আনিবলৈ ।। কিছু সময়ৰ অন্তত নবমল্লিকা ক ৰুমৰ পৰা গ্ৰেপ্তাৰ নহয় সোধপোছ কৰিবলৈ চাৰে লৈ যাবলৈ পঠিয়াইচে বুলি থানালৈ লৈ অহা হল 

 :মিছ নবমল্লিকা

:হয় ছাৰ

:আপোনালোকে যৌন ক্ৰিয়া কৰা ৰুমটোৰ গৰাকী জনৰ নাম কি? 

:ছাৰ হেম বৰুৱা 

:বাৰু ৰূমটো আপোনাৰ নিজৰ

:নহয় বান্ধৱী পৰীস্মিতাৰ 

:বান্ধৱী জনী এতিয়া কত আছে 

:তাইৰ মাক ঢুকাইচে ছাৰ সেয়ে তাই অলিপুৰ ৰ ঘৰলৈ গৈছে ।। যাওতে তাই মোক ৰুমৰ চাবি আৰু কিছু সামগ্ৰী দি গৈছিল ।। আৰু তেনেকৈ য়ে আমি সেই ৰুমটোৰ ভিতৰত এক লগ হৈছিলোঁ ছাৰ

:বাৰু ৰুমৰ চাবি কত ? 

:আছে মোৰ ৰুমত 

:শৰ্মা আৰু মিছ নিবেদিতা আপোনালোকে নবমল্লিকা ক লগত লৈ যাওক আৰু তাইৰ পৰা ৰুমৰ চাবি লৈ ৰূমটো তালাচী কৰক ।। কৰবাত কেমেৰা ফিটিং হৈ আছে নেকি ভালকৈ লক্ষ্য কৰিব, লগতে অলিপুৰৰ পৰীস্মিতাৰ ওচৰলৈ গৈ এই বিষয়ে সোধ পোছ  কৰি আহিব

:হব ।। ঐ বল বুলি নবমল্লিকাক লগত লৈ পুলিচ ঘটনাৰ গুৰি বিচাৰি ৰাওনা হল 

:প্ৰশান্ত

:"হয় ছাৰ 

:তুমি এতিয়া গৈ থাকা প্ৰয়োজন হলে মই আকৌ মাতিম 

:হব বুলি কৈ প্ৰশান্ত থানাৰ পৰা গুচি আহিল লাহে লাহে সময় বাগৰিছে শৰ্মাৰ লগতে নিবেদিতা ৰ সৈতে ওলাই যোৱা পুলিচৰ দল এতিয়ালৈকে আহি পোৱা নাই কত বা কি কৰি আছে এইবোৰকে চিন্তা কৰি বহি থাকোতে নিশা প্ৰায় 9 মান বজাত S.I মিছ নিবেদিতা ই উগ্ৰমূৰ্তি হৈ নবমল্লিকা আৰু তাইৰ বান্ধৱী পৰীস্মিতাক হাতত হেণ্ডকাপ লগাই ছাগলীৰ দৰে টানি আনি লকাপৰ  ভিতৰত সুমুৱাই দি অফিচাৰৰ আগত আহি কৈছে ।। 

:ছাৰ ঘটনাৰ মূল মাষ্টাৰ ইহঁত দুটাই 

:কেনেকৈ গম পালে

:প্ৰথম কথা ইহঁত দুটা আমাৰ থানাৰ বাসিন্দা হয় ।। ইহঁতে কোৱাৰ দৰে নবমল্লিকা কোনো স্কুলতে শিক্ষকৰ চাকৰি নকৰে ।। আৰু পৰীস্মিতাৰ মাকৰ মৃত্যু হোৱা নাই ।। আমি পৰীস্মিতাক অলিপুৰত নহয় ইয়াতেই পাইছোঁ ।। মাথোঁ বিচাৰোঁতে পলম হৈ গল ।। ইহঁতৰ চিকাৰোক্তি মতে ইহঁতৰ লগত এটা ডাঙৰ গ্রুপ আছে ।। আৰু সেই গ্ৰুপ তোৰ সদস্য সকলে কোনোবা চাকৰি কৰা নহলে ডাঙৰ ব্যৱসায়ী লৰাৰ সন্ধান ত ফুৰে ।। আৰু তেনে কোনোবা লৰাৰ সন্ধান  পালে গ্ৰুপ ৰ সদস্য সকলে ইহঁত দুজনীক দেখুৱাই দিয়ে । আৰু ইহঁতে বহুতো কৌশল অৱলম্বন কৰি লৰাবোৰক নিজৰ প্ৰেমৰ জালত বন্ধী কৰি প্ৰেমৰ নামত নিজৰ দেহৰ আধা অংশ দেখুৱাই যৌন সম্পৰ্ক কৰিবলৈ মান্তি কৰে ।। ছোৱালীৰ পৰা প্ৰথম তেনে এটি প্ৰস্তাৱ পালে কোন লৰাৰ মন বান্ধি ৰাখিব পাৰে ছাৰ আপুনি নিজে কওঁক । আজিৰ সমাজত নাৰীৰ বাবে সুৰক্ষিত আইন আছে হয় কিন্তু তাৰেই সুবিধা গ্ৰহণ কৰি কিছুমান নাৰীয়ে আজিৰ ঘটনাৰ দৰে নিৰপৰাধী লৰা বোৰক হাৰাশাস্তি কৰি বদনামি কৰি আছে । গতিকে নাৰী জাতিক কলংকিনি কৰা এইবোৰ নাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে ছাৰ 

: নিশ্চয় কিন্তু ইহঁতক শাস্তি দিয়াৰ আগতে প্ৰথমে আপুনি এই দুজনীৰ হতুৱাই গ্রুপৰ সদস্য সকলক অনুসন্ধান কৰি জাল পেলোৱাৰ ব্যৱস্হা কৰক আৰু অহা 24 ঘণ্টাৰ ভিতৰত সকলোকে আমাৰ জালত বন্দি কৰি থানালৈ অনাৰ দিহা কৰক ।।

: Ok sir , বুলি নিবেদিতা পুনৰ লকাপৰ ভিতৰলৈ সোমাই গল আৰু নবমল্লিকা আৰু পৰীস্মিতাৰ ওপৰত 3rd Degree Apply আৰম্ভ কৰি দিলে ।। এটাৰ পিছত এটাকৈ চৰ খোধাই  নিবেদিতা ই দুজনীকে কথা বোৰ সুধি যাবলৈ ধৰিলে । নিবেদিতা ৰ হাতৰ আঙুলি ত পৰিধান কৰা আঙুঠিৰে মৰা চৰত দুয়োজনী ছোৱালীয়ে চকুৰে ধুৱলী কুঁৱলী দেখিছিল । আৰু সকলো কথা এফালৰ পৰা কৈ গৈছিল । সিহঁত দুজনীৰ মুখৰ চিকাৰোক্তি ৰ ভিত্তিত ৰাতিয়ে আৰক্ষী য়ে অভিযান চলাই গ্রুপটোৰ চাৰি সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।। চাৰি সদস্যৰ পৰা পুলিচে 15 খন Sim Card , 3 খন ATM কাৰ্ড এটা DSLR কেমেৰা আৰু 5 তা Android ফোন জব্ধ কৰিবলৈ সক্ষম হৈছিল ।। চাৰি সদস্যৰ মুখৰ পৰা পুলিচে গম পাইছিল যে যিটো ৰুমত প্ৰশান্ত আৰু নবমল্লিকাই যৌন ক্ৰিয়া কৰিছিল সেইৰুমতোৰ ভিতৰত নবমল্লিকা ই প্ৰশান্ত অহাৰ  আগতেই 4 সদস্যক ভিতৰত সুমুৱাই বাহিৰৰ পৰা তলা মাৰি গৈছিল ।। প্ৰশান্ত আহি পোৱাৰ পিছত যেতিয়া  নিশাৰ অন্ধকাৰত  ইজনে সিজনৰ মাজত আপোনপাহৰা হৈ পৰিছিল তেতিয়াই ৰুমৰ ভিতৰত আগৰ পৰা লুকাই থকা লৰা কেইজনে ভিন্ন ভিন্ন সময়ৰ ফটো মোবাইলৰ কেমেৰাত বন্ধী কৰিছিল ।। আৰু পিছলৈ সেই ফটো বোৰ ব্যৱহাৰ কৰি প্ৰশান্তক ভয় দেখুৱাই 15 লাখ কৈ টকা আত্মসাত কৰিছিল ।।  লগতে যুৱক কেইজনে পুলিচৰ জেৰাত আৰু বহুত কথা স্বীকাৰ কৰিছিল । Sim কাৰ্ড কেনেকৈ উলিয়াই আৰু আজিলৈ কিমান লৰাৰ জীৱন বৰ্বাদ কৰিলে সকলো এফালৰ পৰা বিবৰী কৈ গৈছিল ।। 

    "সকলোৰে মুখৰ চিকাৰোক্তি গ্ৰহণ কৰি পুলিচে সকলোকে মহামান্য আদালতলৈ জামিন বিহীন গোচৰ ৰুজু কৰি প্ৰেৰণ কৰিছিল ।। 

    আদালতে সমগ্ৰ ঘটনা তো চালি জাৰি চাই সকলোকে দুখী সাইবস্ত্য কৰি 14 বছৰ কৈ জেইল দিয়ে আৰু প্ৰশান্তৰ পৰা লৈ যোৱা 15 লাখ টকা ঘূৰাই দিবলৈ দিয়ে । এতিয়া প্ৰশান্ত পুনৰ আগৰ অৱস্থা লৈ ঘূৰি আহিছে জীৱনত আৰু ছোৱালী দেখি প্ৰেমৰ নামত পাগল নহওঁ বুলি শপত খালে ।। লগতে কোনো ছোৱালীৰ বিপদৰ সন্মুখীন হলেই আগবাঢ়ি নাযাওঁ বুলি নিজৰ মনক বুজনি দিলে 

            এইটো এটি মোৰ মনৰ পৰা সৃষ্টি কৰা কাল্পনিক কাহিনী যদিও বৰ্তমান সময়ত এনে ঘটনা অসমৰ চুকে কোনে ঘটি থকা মোৰ দৃষ্টি গোচৰ হৈছে ।। 

        দেশত অকল নাৰীয়ে ধৰ্ষিতা নহয় কম বেছি পৰিমাণে হলেও আমাৰ পুৰুষ জাতি কিছুমান নাৰীৰ হাতত ধৰ্ষিতা হৈ আহিছে । তাৰে এক উদাহৰণ এই লিখনি তোৰ মাজেৰে দাঙি ধৰা হৈছে ।। আজিৰ তাৰিখত বিনা অপৰাধত বহুতো লৰা জেইল জৰিমনা ইত্যাদি ও ভৰিব লগা হৈছে ।। সেয়ে লেতেৰা মনৰ নাৰীসকললৈ মোৰ এটি অনুৰোধ আপোনালোকৰ ফালে আইন খন আছে বুলিয়ে টকা পইচাৰ লোভত এজন নিৰপৰাধী লৰাক প্ৰেমৰ নামত ব্যৱহাৰ কৰি নলব ।। প্ৰেমৰ নামত নাটক কৰি কোনো লৰাৰ জীৱন ধংশ কৰিবলৈ চেষ্টা নকৰিব । মনত ৰাখিব যদিয়ো লৰা মানুহৰ অপমান সমাজত বেছি দিনলৈ নাথাকে কিন্তু কিছু লৰাৰ আপোনালোকৰ দৰে ভৱিষ্যত অন্ধকাৰ হৈ পৰে আৰু অপমান সহিব নোৱাৰি ঘৰৰ মাক দেউতাক ক নিথৰুৱা কৰি আত্মহত্যাৰ দৰে পথ বাছি লবলৈ কুণ্ঠাবোধ নকৰে ।।

Post a Comment

Previous Post Next Post

People Like