Assam cm Himanta biswa Sarma argues against madrasas
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শিশুসকলক মাদ্ৰাছাত ভৰ্তি কৰাটো তেওঁলোকৰ মানৱ অধিকাৰ উলংঘা কৰাৰ সমান।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছাৰ পৰিৱৰ্তে সাধাৰণ স্কুলীয়া শিক্ষাৰ প্ৰয়োজনীয়তাক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰে। মাদ্ৰাছাত পঢ়া-শুনা কৰি ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসক বা অভিযন্তা হ’ব নোৱাৰে বুলি তেওঁ দাবী কৰে। ‘মাদ্ৰাছা’ শব্দটো বিলুপ্ত কৰা উচিত বুলিও তেওঁ ভাবে।
দেওবাৰে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক অনুষ্ঠানত হিমন্তই কয় যে যেতিয়ালৈকে ‘মাদ্ৰাছা’ শব্দটো থাকিব তেতিয়ালৈকে শিশুৱে চিকিৎসক বা অভিযন্তা হোৱাৰ কথাও নাভাবিব। যদি শিশুক মাদ্ৰাছাত পঢ়ি ডাক্তৰ বা অভিযন্তা হ'ব নোৱাৰে , তেন্তে তেওঁলোকে নিজাববীয়াকৈ তালৈ (মাদ্ৰাছা) যাব নোৱাৰিব।"
প্ৰসংগক্ৰমে ২০২০ চনৰ ভিতৰত অসমৰ সকলো চৰকাৰী মাদ্ৰাছা বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে। অসম চৰকাৰে দাবী কৰিছে যে ইয়াৰ ফলত ‘ধৰ্মনিৰপেক্ষ শিক্ষা ব্যৱস্থা’ গঢ়াৰ পথ প্ৰশস্ত হ’ব। কিন্তু এই সিদ্ধান্তৰ বিৰুদ্ধে ২০২১ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ১৩খন আবেদন দাখিল কৰা হৈছিল। কিন্তু চলিত বৰ্ষৰ জানুৱাৰী মাহত উচ্চ ন্যায়ালয়ৰ সংমণ্ডল বিচাৰপীঠে অসম চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছিল।
দেওবাৰে সেই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হৈছিল হিমন্তক। উত্তৰত হিমন্তই এই সিদ্ধান্তৰ সপক্ষে নিজা যুক্তি আগবঢ়াইছিল। তেওঁ লগতে কয় যে শিশুসকলক মাদ্ৰাছাত ভৰ্তি কৰাটো তেওঁলোকৰ মানৱ অধিকাৰ উলংঘা কৰাৰ সমান। হিমন্তৰৰ ভাষাত "নিজৰ সন্তানক কোৰআন শিকাওক, কিন্তু ঘৰত!" ধৰ্মীয় গ্ৰন্থসমূহো ঘৰতে পঢ়াব পাৰি। কিন্তু ডাক্তৰ, অভিযন্তা, অধ্যাপক বা বিজ্ঞানী হ'বলৈ হ'লে স্কুললৈ যাব লাগিব।"
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati