আপোনাৰ উচ্চতা অনুসৰি ওজন সঠিক হৈ আছেনে? ৰোগৰ পৰা কেনেকৈ বচাব নিজক ?

Is your weight okay according to your height? how will you know!

Is your weight okay according to your height? how will you know! 

আমাৰ সদায় শৰীৰৰ অতিৰিক্ত ওজন বৃদ্ধিৰ বিষয়ে চিন্তা হয়। কাৰণ অতিৰিক্ত ওজনৰ অৰ্থ হৈছে শৰীৰটো বহুতো ৰোগৰ ঘৰ হোৱা। কেৱল অতিৰিক্ত ওজনৰ বাবে বাহ ল’ব পাৰে  বিভিন্ন ৰোগ যেনে ক্লষ্টেৰল, চুগাৰ , উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ সমস্যা আদিয়ে। গতিকে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ, সঠিক খাদ্য খোৱা আৰু নিয়মীয়া শাৰীৰিক ব্যায়াম কৰাটো অতি প্ৰয়োজন। । কিন্তু তাৰ আগতে, আপুনি জানিব লাগিব যে আপোনাৰ ওজন কিমান? আৰু আপোনাৰ শৰীৰৰ উচ্চতা অনুসৰি, সেই ওজন সঠিক আছে নে নাই, ইয়াৰ মাপকাঠি নিৰ্ধাৰণ কৰা হ'ব।

পুৰুষ আৰু মহিলাৰ ওজন তেওঁলোকৰ উচ্চতা অনুসৰি পৃথক হয়। ইয়াৰ মাপকাঠি আপোনাক এই প্ৰতিবেদনটোত দেখুওৱা হব। আপুনি কিমান ওজন হ্ৰাস কৰিব লাগিব ইয়াৰ জৰিয়তে জানিব পাৰিব আপুনি বাৰু নিজকে শকত বুলি ভাবে নেকি ? আপোনাৰ উচ্চতা অনুসৰি এয়া আপোনাৰ সঠিক ওজনো হ'ব পাৰে। মন কৰক তলৰ এই তালিকা খনলৈ ঃ


উচ্চতাপুৰুষৰ বাবে ওজনমহিলাৰ বাবে ওজন
৪ফুট ৭ইঞ্চি৩৯-৪৯৩৬-৪৬
৪ফুট ৮ইঞ্চি‌৪১-৫০৩৮-৪৮
৪ফুট ৯ইঞ্চি৪২-৫২৩৯-৫০
৪ফুট ১০ইঞ্চি৪৪-৫৪৪১-৫২
৪ফুট ১১ইঞ্চি৪৫-৫৬৪২-৫৩
৫ফুট৪৭-৫৮ ৪৩-৫৫
৫ফুট ১ইঞ্চি৪৮-৬০৪৫-৫৭
৫ফুট ২ইঞ্চি৫০-৬২৪৬-৫৯
৫ফুট ৩ইঞ্চি৫১-৬৪৪৮-৬১
৫ফুট ৪ইঞ্চি৫৩-৬৬৪৯-৬৩
 ৫ফুট ৫ইঞ্চি৫৫-৬৮৫১-৬৫
৫ফুট ৬ইঞ্চি৫৬-৭০৫৩-৬৭
৫ফুট ৭ইঞ্চি৫৮-৭২৫৪-৬৯
৫ফুট ৮ইঞ্চি৬০-৭৪৫৬-৭১
৫ ফুট ৯ ইঞ্চি৬২-৭৬৬৭-৭১
৫ফুট ১০ইঞ্চি৬৪-৭৯৫৯-৭৫
৫ফুট ১১ইঞ্চি৬৫-৮১৬১-৭৭
৬ ফুট৬৭-৮৩৬৩-৮০
৬ফুট ১ইঞ্চি৬৯-৮৬৬৫-৮২
৬ফুট ২ইঞ্চি৭১-৮৮৬৭-৮৪


ওপৰত দিয়া তালিকা খনৰ সৈতে আপোনাৰ ওজন মিলাই চাওঁক। যদি সেয়া সঠিক হৈ আছে, তেনেহলে কোনো ধৰণৰ সমস্যা নাই। কিন্তু যদি আপোনাৰ অতিৰিক্ত ওজন আছে, তেনেহলে অতিশিঘ্ৰেই আপুনি ওজন হ্ৰাস কৰা আৰম্ভ কৰক। শৰীৰত অতিৰিক্ত ওজন মানেই বহুতো ৰোগৰ ঘৰ।সকলোৱে এটা সুস্থ-সৱল শৰীৰ হোৱাটো বিচাৰে। গতিকে আৰু সময় অপচয় নকৰিব।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.