অভয়াপুৰীত অসম আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড, নিজৰ পেন্টৰ চেইন খুলি বাইক আৰোহী গৰাকীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ বাইক আৰোহী আৰু তেওঁৰ পত্নীৰ Assam Police : Abhayapuri Police : Give me money otherwish tell your wife to stay with me

Assam Police : Abhayapuri Police : Give me money otherwish tell your wife to stay with me

  • অভয়াপুৰীত অসম আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড।
  • পুনৰ উন্মোচিত হৈছে অসম আৰক্ষীৰ নিৰ্লজ্জ চৰিত্ৰ।
  • পুনৰ খাকী পোচাকত দাগ লাগিল অসম আৰক্ষীৰ।
  • এইবাৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হৈছে অসম আৰক্ষীৰ কু-কাণ্ড।
  • দাবী কৰা ধন আদায় দিব নোৱাৰাত বাইক আৰোহীক অশ্লীল গালি-গালাজ আৰক্ষী জনৰ।
  • আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ পেন্টৰ চেইন খুলি বাইক আৰোহী গৰাকীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ বাইক আৰোহী আৰু তেওঁৰ পত্নীৰ।
  • অভিযুক্ত আৰক্ষী বিষয়া গৰাকী অভয়াপুৰী থানাৰ মহিবুল ইছলাম।

হয়, এইবাৰ অসম আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে অভয়াপুৰীত। অবৈধ ভাৱে  দাবী কৰা ধন আদায় দিব নোৱাৰাত বাইক আৰোহীক অশ্লীল গালি-গালাজ কৰাৰ লগতে আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ পেন্টৰ চেইন খুলি বাইক আৰোহী গৰাকীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ বাইক আৰোহী আৰু তেওঁৰ পত্নীৰ। অভিযুক্ত আৰক্ষী বিষয়া গৰাকী অভয়াপুৰী থানাৰ মহিবুল ইছলাম। আৰক্ষী বিষয়া গৰাকীয়ে মটৰ চাইকেলৰ কাগজ-পত্ৰ বিচাৰি আৰোহীৰ পৰা দাবী কৰিছিল ধন। দাবী কৰা ধন ১০,০০০  টকা আদায় দিব নোৱাৰিলে বাইক আৰোহীৰ পত্নীক আৰক্ষী বিষয়া গৰাকীৰ ওচৰত থৈ যাবলৈ দাবী কৰে। উক্ত ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পুৰনি হস্পিতালৰ সমীপত। উক্ত ঘটনাটোক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত ঘটনাস্থলীৰ পৰা আৰক্ষী বিষয়া গৰাকীয়ে পলায়ন কৰে। 

বাইট: বাইক আৰোহী।

বাইট: বাইক আৰোহীৰ পত্নী।

অভয়াপুৰীৰ পৰা হিমাংশু দাস ডিংকুৰ  প্ৰতিবেদন

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.