Get upto 35 lac rupees personal home loan through yono app new feature
দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংকে আৰম্ভ কৰিছে ব্যক্তিগত ঋণৰ ক্ষেত্ৰত এক নতুন সেৱা । ৰিয়েল টাইম এক্সপ্ৰেছ ক্ৰেডিট নামৰ এই বৈশিষ্ট্যটো YONO এপত উপলব্ধ। ইয়াৰ জৰিয়তে গ্ৰাহকে ঘৰতে ৩৫ লাখ টকা পৰ্যন্ত ব্যক্তিগত ঋণ লাভ কৰিব পাৰিব ইয়াৰ বাবে বেংকলৈ যোৱাৰ প্ৰয়োজন নহ’ব ।
কিন্তু সকলো গ্ৰাহকে ৰিয়েল টাইম এক্সপ্ৰেছ ক্ৰেডিটৰ সুবিধা নাপাব । এই সুবিধা কেৱল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়েহে লাভ কৰিব । YONO এপৰ সহায়ত ক্ৰেডিট চেক, অৰ্হতা আৰু অন্যান্য নথিপত্ৰ পৰীক্ষণৰ দৰে কাম ঘৰতে কৰিব পাৰি।
কাগজবিহীন প্ৰক্ৰিয়া -
ভাৰতীয় ষ্টেট বেংকৰ মতে, ব্যক্তিগত লোন বেংকৰ এটা বিশেষ সুবিধা আছে ইয়াৰ লাভ বেংকৰ বৃহৎ সংখ্যক গ্ৰাহকে লৈছে । বেংকটোৱে কেইবাজনো গ্ৰাহকৰ বাবে ৰিয়েল টাইম এক্সপ্ৰেছ ক্ৰেডিট সেৱা আৰম্ভ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ডিজিটেলৰ জৰিয়তে দৰমহা পোৱা কৰ্মচাৰী সকলক ব্যক্তিগত ঋণ প্ৰদান কৰা । গ্ৰাহকে YONO এপৰ সুবিধা ল’ব পাৰিব । বেংকটোৱে জনোৱা মতে, সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কাগজবিহীন হ’বলৈ গৈ আছে ।
৩৫ লাখ টকা পৰ্যন্ত ঋণ ল’ব পাৰিব
গ্ৰাহকে ৩৫ লাখ টকা পৰ্যন্ত ব্যক্তিগত ঋণ লোৱাৰ প্ৰক্ৰিয়াটো ৬টা পদক্ষেপত ডিজিটেলভাৱে সম্পূৰ্ণ কৰিব পাৰিব। সকলো প্ৰক্ৰিয়া অনলাইনত কৰিব লাগিব আৰু ইয়াৰ বাবে বেংকলৈ যোৱাৰ কোনো প্ৰয়োজন নাই ।
ষ্টেট বেংকৰ অধ্যক্ষ দীনেশ খাৰাই কয় যে YONO এপত এই সেৱা মুকলি কৰি বেংকৰ গ্ৰাহকসকল উপকৃত হৈছে। আন কোনো হেঁচা নোহোৱাকৈ আপুনি সহজেই ডিজিটেলৰ জৰিয়তে ঋণ ল’ব পাৰিব ।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati