Facebook ত প্ৰেমত পৰি লগ কৰিবলৈ গ’ল যুৱতীক, তাৰ পিছত...

Falling in love with a girl on Facebook, went to meet the girl

Falling in love with a girl on Facebook, went to meet the girl

কলকাতাৰ এগৰাকী যুৱতীৰ লগত ফেচবুকত ৬ মাহৰ বন্ধুত্বৰ পিছত ৰেৱাৰ যুৱকৰ যুৱতীগৰাকীৰ প্ৰতি এনে মৰম বাঢ়ি আহিল যে ঘৰৰ পৰা ৫ লাখ টকা লৈ যুৱতীগৰাকীক লগ কৰিবলৈ তেওঁ পালেগৈ কলকাতা ।তাৰ পিছত যুৱকজনৰ নিৰুদ্দেশৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে। ইয়াৰ পিছতে আৰক্ষীয়ে চাইবাৰ চেলৰ সহায়ত তেওঁৰ অৱস্থান গম পায় আৰু ৰেৱা আৰক্ষীয়ে কলকাতালৈ গৈ যুৱকজনক উদ্ধাৰ কৰে। ইয়াৰ লগে লগে যুৱকজনৰ প্ৰেমিকাক লগ পোৱাৰ সপোন যেন আধৰুৱা হৈ ৰ’ল। যুৱক জনৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৫ লাখ টকা।

তথ্য অনুসৰি, মধ্যপ্ৰদেশৰ ৰেৱাৰ লক্ষ্মণ বাঘৰ বাসিন্দা শচীন মিশ্ৰ ঘৰৰ পৰা ২৫ মে’ত নিৰুদ্দেশ হৈছিল। শচীনে ঘৰৰ পৰা লগত লৈ গৈছিল ৫ লাখ টকা। শচীনৰ পৰিয়ালৰ লোকসকল ঘৰৰ বাহিৰলৈ গৈছিল।তাৰ পৰা আহি ঘৰত শচীনক বিচাৰি নোপোৱাত পৰিয়ালটোৱে তাক বিচাৰিবলৈ ধৰিলে। একো খবৰ নোপোৱাত আৰক্ষীক তেওঁলোকে খবৰ দিয়ে। চাইবাৰ চেলৰ সহায়ত আৰক্ষীয়ে কলকাতাত শচীনৰ অৱস্থান অনুসন্ধান কৰে। আৰক্ষী অধীক্ষক নৱনীত ভাছিনৰ নিৰ্দেশমৰ্মে আৰক্ষীৰ দলটো শচীনক বিচাৰি কলকাতালৈ ৰাওনা হয়। ইয়াৰ পিছতে আৰক্ষীয়ে ৫ লাখ টকাৰে সৈতে কলকাতাৰ পৰা শচীনক উদ্ধাৰ কৰে। আৰক্ষীয়ে যেতিয়া শচীনক সোধা-পোছা কৰিছিল সেই সময়ত আৰক্ষীসকল আচৰিত হৈ গৈছিল।

আচলতে ফেচবুকত কলকাতাৰ এগৰাকী যুৱতীৰ লগত শচীনৰ বন্ধুত্ব হৈছিল।ইয়াৰ পিছত সিহঁতৰ ৬ মাহৰ এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হ'ল। দুয়োজনে ফোনত কথা পাতিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছত শচীনে তেওঁক লগ কৰিবলৈ কলকাতালৈ যোৱাৰ সিদ্ধান্ত লয়। ঘৰত ৰখা টকাখিনিৰ বিষয়ে শচীন সচেতন আছিল। ঘৰত কোনো নথকাৰ সুযোগ দেখি শচীনে আলমাৰীৰ পৰা ৫ লাখ টকা উলিয়াই ঘৰৰ পৰা কলকতালৈ বুলি ৰাৱানা হয়। আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত জগদীশ ঠাকুৰে জনোৱা মতে, শচীনৰ পৰিয়ালৰ লোকে সময় নষ্ট নকৰাকৈ তেওঁলোকে তৎপৰটা দেখুৱাইছিল। আৰক্ষীয়ে চাইবাৰ চেলৰ সহায়ত স্থান অনুসন্ধান কৰি কলকাতাৰ পৰা যুৱকজনক ধৰি আত্মীয়ৰ হাতত তুলি দিয়ে আৰু লগতে ৫ লাখ টকাও উদ্ধাৰ কৰা হৈছে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.