" একেলগে গৰ্ভৱতী একেখন হস্পিতালৰ একেটা বিভাগৰ ১০ গৰাকী নাৰ্ছ , এগৰাকি চিকিৎসক

একেলগে গৰ্ভৱতী একেখন হস্পিতালৰ একেটা বিভাগৰ ১০ গৰাকী নাৰ্ছ , এগৰাকি চিকিৎসক

10 medical nurses and 1 doctor of same department form same hospital are pregnant at same time in usa

10 medical nurses and 1 doctor of same department form same hospital are pregnant at same time in usa

শুনি আচৰিত হ’বলগীয়া কথা, এনেকুৱাই হৈছিল আমেৰিকাৰ লিবাৰ্টি হস্পিতালত । একেটা বিভাগতে কৰ্মৰত ১১ গৰাকী লোকে একেলগে গৰ্ভৱতী হৈছিল। ইয়াৰ ভিতৰত আছে ১০ গৰাকী নাৰ্ছ আৰু এগৰাকী চিকিৎসক। কিন্তু এইয়া প্ৰথম নহয়, যোৱা পাঁচ বছৰত তৃতীয়বাৰৰ বাবে আমেৰিকাত এনে ঘটনা দেখা পোৱা গৈছে ।

জানিব পৰা মতে, জুলাইৰ পৰা নৱেম্বৰৰ ভিতৰত সকলো গৰ্ভৱতী মাতৃয়ে সন্তান জন্ম দিব। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি গৰ্ভৱতী মহিলাকেইগৰাকী সকলোৱে একেটা বিভাগতে কাম কৰে। তেওঁলোকে ক'লে, "খবৰটো জানি ভাল লাগিল। সকলোৱে সকলোৰে যত্ন লৈ আছে।"

এই খবৰটো গম পোৱাৰ লগে লগে বহুতে ধেমালি কৰিবলৈ আৰম্ভ কৰিছে।কিছুমানে কয় যে হস্পিটেলৰ পানীত নিশ্চয় কিবা এটা গৰবৰ  আছে ! যদিও গৰ্ভৱতী মহিলা প্ৰত্যেকেই নিজাকৈ পানীৰ বটল লৈ কামলৈ যায়।

এনে প্ৰথম ঘটনা সংঘটিত হৈছিল ২০১৯ চনত পুৰুষ চিকিৎসা কেন্দ্ৰৰ আমেৰিকান লেবাৰ এণ্ড ডেলিভাৰী ইউনিটত। তাত একেটা বিভাগৰ ৯ গৰাকী নাৰ্ছ একেলগে গৰ্ভৱতী হয়। ইয়াৰ পূৰ্বে ২০১৬ চনত আমেৰিকাৰ এণ্ডাৰছন হাস্পতালৰ ৬ জন কৰ্মচাৰী একেলগে গৰ্ভৱতী হৈছিল।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews

Post a Comment

Previous Post Next Post

People Like