গাওখনৰ পৰা ক্ৰমাৎ নাইকীয়া হৈছে বোৱাৰী । পৰকীয়া প্ৰেমত পৰি অন্য যুৱকৈ পলাই গৈছে বোৱাৰী

daughter in law run away with another man

Daughter in law run away with another man in Assam lakhimpur

লক্ষীমপুৰত বোৱাৰী নিয়া প্ৰতিযোগীতা 

বিজ্ঞান প্রযুক্তি বিদ্যাৰ যুগত মবাইল ফোন খুবেই জৰুৰী । কিন্তু এই মবাইল ফোনৰ জৰিয়তে ধ্বংসৰ গৰাহত সোমাই পৰিছে একাংশ নৱপ্ৰজন্ম । বাদ পৰি থকা নাই জীয়ৰী বোৱাৰীও । একাংশই সামাজিক মাধ্যমৰ যোগেদি কৰা নিৰ্লজ্জ কৰ্ম কাণ্ডই ভবাই তুলিছে সচেতন মহলক । তেনে এক ঘটনাই সংঘটিত হৈছে লক্ষীমপুৰত। মাতৃ মমতা ময়ী । কিন্তু আজি আপোনালোকক দেখুৱাব বিচাৰিছো এগৰাকী হৃদয়হীনা মাতৃক ।

daughter in law run away with another man in Assam lakhimpur


 যি গৰাকী মাতৃয়ে 'মা' শব্দক কালিমা সানিছে । লজ্জানত হৈছে নাৰী সমাজ । লক্ষীমপুৰত এতিয়া বোৱাৰী নিয়া প্ৰতিযোগীতা । পলায় যোৱা মাতৃক বিচাৰি এতিয়া হাহাকাৰ কৰিছে কণমানি পুত্ৰ সন্তানে । শিশুটিৰ আহ্বান 'মা' তোমালৈ মোৰ বৰকৈ মনত পৰিছে । তুমি ক'ত আছা মোৰ ওচৰলৈ আহা । দেৱশিশুটিৰ আহ্বান শুনিলে আপোনাৰো দুচকু সেমেকি উঠিব । ইফালে স্বামীয়ে পুত্ৰ সন্তানক কোলাত লৈ বিচাৰি ফুৰিছে পত্নীক । উপায়ন্তৰ হৈ কাষ চাপিছে আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ । 

daughter in law run away with another man in Assam lakhimpur

daughter in law run away with another man in Assam lakhimpur


স্বামীয়েও কান্দি কান্দি অনুৰোধ জনাইছে পত্নীক তুমি ক'ত আছা পুত্ৰৰ মুখলৈ চাই ঘুৰি আহা । পৰ পুৰুষৰ লগত যোৱা এইটোৱে প্ৰথম ঘটনা নহয় । এনে ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে এইখন সমাজত । আচলতে সমাজ কোন দিশে গতি কৰিছে ? পতি পত্নীৰ এই পবিত্র সম্পৰ্কত একাংশই এনেকৈ কালিমা সানিব ধৰা বিষয়টো সচাঁকৈ এক চিন্তনীয় বিষয় হৈ পৰিছে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.