" অহা ১০ বছৰ পিছত বন্ধ হৈ যাব চৰকাৰী সকলো বিদ্যালয় । অশাৰ প্ৰতিপন্ন সৰ্ব শিক্ষা অভিযান । ব্যৰ্থ হিমন্ত শৰ্মা ।

অহা ১০ বছৰ পিছত বন্ধ হৈ যাব চৰকাৰী সকলো বিদ্যালয় । অশাৰ প্ৰতিপন্ন সৰ্ব শিক্ষা অভিযান । ব্যৰ্থ হিমন্ত শৰ্মা ।

অহা ১০ বছৰ পিছত বন্ধ হৈ যাব চৰকাৰী সকলো বিদ্যালয় । অশাৰ প্ৰতিপন্ন সৰ্ব শিক্ষা অভিযান । ব্যৰ্থ হিমন্ত শৰ্মা ।

After 10 years, all the govt schools will be closed. 


অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এইবাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ প্ৰসংগ । সকলো চৰকাৰী শিক্ষককে অৱসৰ দি ঘৰলৈ যাবলৈ দিয়া হ’ব ।  অহা ১০ বছৰ পিছত বন্ধ কৰি দিয়া চৰকাৰী সকলো বিদ্যালয় । এইয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বীকাৰোক্তি । বাধ্যতামুলক অৱসৰ দিব সকলো শিক্ষকক । বহাগ বিহুৰ পহিলা দিনটোতে হিমন্ত বিশ্ব শৰ্মাই দি গ’ল এক ভয়াবহ ভৱিসৎত বাণী । অসমৰ সকলো চৰকাৰী বিদ্যালয়  ১০ বছৰ পিছত বন্ধ হৈ যাব । ইয়াৰ বাবে জগৰীয়া কৰিলে কেৱল শিক্ষক সকলক । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভৱিসৎত বাণীক মানি লব পৰা নাই অসমৰ শিক্ষক সমাজ তথা সচেতন লোকে ।  এই ভৱিসৎত বাণীৰ পিছতেই চাৰিওদিশে প্ৰতিক্ৰিয়া । কেইবাজনো লোকে ছচিয়েল মেডিয়া যোগে সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাক ।

প্ৰাৰ্থমিক শিক্ষা সন্মিলনিৰ প্ৰধান সম্পাদক ৰাতুল গোচ্ছামীয়ে । সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া কৰি ৰাতুল গোচ্ছামী লিখিছে এনেদৰে ...... 

" ১৯৫০ চনৰ ধ্যান ধাৰনাৰে ২০০৯ চনত আইন প্ৰস্তুত কৰি শৈক্ষিক বিকাশৰ চিন্তা কৰা, পৃথিৱীৰ উন্নত ৰাষ্ট্ৰত বিফল হোৱা আঁচনি গ্ৰহণ কৰি শৈক্ষিক যাত্ৰা চলোৱা, ২০০৬ চনৰ পৰাই কৌশলেৰে শিক্ষাত ব্যক্তিগত অংশীদাৰত্ব বৃদ্ধি কৰা , বছৰৰ পাছত বছৰ শিক্ষকৰ পদ খালি কৰি ৰখা, চৰকাৰী বিদ্যালয়ৰ শিক্ষকে কেৱল ১৯-৩ শতাংশ সময় শৈক্ষিক আদান প্ৰদানৰ সুযোগ দি, বাকী সকলো সময় অনাশৈক্ষিক কামত নিয়োগ কৰা, সৌ সিদিনালৈ পাঠ্যপুথি বছৰৰ শেষটো শিক্ষাৰ্থীয়ে লাভ নকৰা, শিক্ষানুষ্ঠান সমূহ ৰাজনৈতিক দলৰ সভাৰ স্থলী সজোৱা, পৰ্যাপ্ত সুবিধাৰ যোগাৰ নোহোৱাকৈ মধ্যাহ্ন ভোজন আচনিৰ প্ৰৱৰ্তন কৰি শিক্ষানুষ্ঠান সমূহত এক অৰাজক পৰিস্থিতিৰ উদ্ভৱ কৰা, ৰাতিটোৰ ভিতৰতে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পট পৰিৱৰ্তন কৰি আজিও প্ৰয়োজনীয় সুবিধা প্ৰদান নকৰাকৈ জাপি দিয়া এইবোৰৰ দায়বদ্ধতা লব কোনে?
দহ বছৰৰ পাচত শিক্ষা অধিকাৰ আইনৰ মাত্ৰ ১২ শতাংশহে পুৰণ কৰিব পৰাৰ আঁৰৰ বিফলতাৰ দায়িত্ব লব কোনে?শিক্ষা অধিকাৰ আইন প্ৰনয়ণৰ দহ বছৰ পিচত কস্তুৰীৰঙ্গন সমিতিয়ে দাখিল কৰা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰতিবেদনত দেশৰ ১,১৯,৩০০+ বিদ্যালয় এজনীয়া বুলি দিয়া তথ্যৰ দায়বদ্ধতা লব কোনে? ২০০০ চনৰ পৰা দেশৰ শিক্ষা ব্যৱস্থাক ব্যক্তিগতখণ্ডৰ হাতত তুলি দিবলৈ কৰা কৌশলী প্ৰয়াসবোৰৰ দায়িত্ব লব কোনে? বিধায়ক পুজি ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানলৈ অনুদানৰূপে দি প্ৰচ্চোহিত কৰি ৰাজহুৱা শিক্ষাৰ প্ৰতি উত্থাপন কৰা প্ৰশ্নৰ দায়বদ্ধতা লব কোনে? কেতিয়াও পাঠ্যপুথি আৰু মূল্যায়ন অভ্যাসন বহী একেলগে ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিব নোৱাৰাৰ ব্যৰ্থতাৰ দায়িত্ব লব কোনে? এটা বিষয়ৰ এদিনৰ পাঠদানত মাত্ৰ দুইৰ পৰা তিনি ইঞ্চি কাগজহে ব্যৱহাৰৰ বাবে লাভ কৰে, সিমানখিন কাগজত কি অভ্যাস কৰিব? তাৰ দায়বদ্ধতা লব কোনে? সমগ্ৰ বছৰটোৰ মুঠ কাৰ্যদিনৰ এক তৃতীয়াংশ দিন কেৱল উদযাপনৰ নাম ব্যৱহাৰ কৰিবলৈ দিয়া উপৰ্যপৰি নিৰ্দেশনা সমূহৰ ফলত হোৱা বিশৃঙ্খলতাৰ দায়িত্ব লব কোনে? কিয় DPEP, EFA কৃতকাৰ্য নহ’ল, তাৰ বিশ্লেষণ নহ’ল তাৰ দায়বদ্ধতা লব কোনে? SDG-⁴ কাৰ্যকৰী কৰি শৈক্ষিক কাম আগবঢ়াই নিয়াৰ পাচঁবছৰ পাৰ হ’ল। আজিও বহুল প্ৰচাৰ নহ’ল কিয়? ৰাজ্যখনৰ ৭৮ হাজাৰ [চৰকাৰী হিচাবহে ] বিদ্যালয় বহিৰ্ভূত শিশু বিদ্যালয় আহিব কেতিয়া?
ইত্যাদি ইত্যাদি প্ৰশ্নবোৰে কেতিয়াবা চিন্তিত কৰে। হয়তো আৰু এশএটা ওলাব এনে প্ৰশ্ন।
অমূলক বুলি কোনোবাই ক’ব পাৰে। এয়াই কিন্তু বাস্তৱ। "

সাংবাদিক ললিত গগৈয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ ব্যক্তবক সমালোচনা কৰি লিখিছে ‘

" বাহাদুৰি মাৰি কব পাৰিব লাগিছিল-চোৱা ; বিত্ত মন্ত্ৰী হিচাপে ৰাজ্য চৰকাৰক ঋনমুক্ত কৰি পেলালো । উপজিয়েই কোনো এটি শিশুৱে চৰকাৰী ঋনৰ বোজা লবলগীয়া নাই । কিন্ত ফলাফল ওলোটা । ঋনৰ পৰিমান বাঢ়ি এক লাখ আঠঁ হেজাৰ কোটি হল । গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ থাকি বুকু ফিন্দাই কব পাৰিব লাগিছিল-চোৱা ; মোৰ দিনতেই মহানগৰীত খোৱাপানী উভৈনদী কৰি পেলালো । কিন্ত ফলাফল হলগৈ লুই বাৰ্জাৰ কেলেংকাৰী ; বিশুদ্ধ খোৱাপানীৰ বাবে হাহাঁকাৰ । স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ থাকি গৌৰৱৰে কব লাগিছিল-চোৱা ! চিকিৎসা খণ্ডৰ আন্তঃগাথনিৰ বৈপ্লৱিক পৰিবৰ্তন সাধিলো । এতিয়া উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ এজনো লোক বাহিৰলৈ যাব লগা হোৱা নাই । কিন্ত ফলাফল কি ! চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বাঢ়িল ; চিকিৎসালয়ৰ বিল্ডিংবোৰ উন্নত হল । কিন্ত আন্তঃগাথনি নাই । ভিতৰি ফোপোলা । শিক্ষা বিভাগৰ মন্ত্ৰী হৈ থাকি দৃঢ়তাৰে কব লাগিছিল-চোৱা ; ছাত্ৰ-ছাত্ৰীৰ অভাৱত বেচৰকাৰী শিক্ষানুষ্ঠানবোৰ বন্ধ হৈ গল । কিন্ত নিল্লজভাবে কৈছে-দহ বছৰৰ পিচত ছাত্ৰ-ছাত্ৰীৰ অভাৱত চৰকাৰী শিক্ষানুষ্ঠানবোৰ বন্ধ হৈ যাব । এয়াই যদি দক্ষতাৰ সংজ্ঞা হয় ; তেন্তে এই কাম গাৱঁৰ ঘটিৰাম-বাতিৰাম এজনক মন্ত্ৰী পাতি দিলেও কৰিব পাৰিব । "
মুখ্যমন্ত্ৰী হিচাপে নিজক মহান আৰু দায়িত্বশীল সজাবলৈ একমাত্ৰ চৰকাৰী শিক্ষকসকলক গালি পাৰি কি হব । চৰকাৰী শিক্ষানুষ্ঠানসমূহলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক আৰ্কষন কৰিব নোৱাৰা বাবে শিক্ষাৰ মান অৱনমিত হোৱাটোৱেই দায়ী । দীৰ্ঘকাল শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকি সেই পৰিবেশ সৃষ্টি কৰিব নোৱাৰা বাবে মুখ্যমন্ত্ৰীয়ে নিজেও পোনতে তাৰ নৈতিক দায়িত্ব মূৰ পাতি লোৱা উচিত । কেইজন মন্ত্ৰী-বিধায়ক-আমোলা-বিষয়া আৰু তেওঁলোকৰ অঙহী-বঙহীৰ সন্তানে আজি চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰে । আজিৰ প্ৰতিযোগিতাৰ যুগত সকলোৱে নিজৰ সন্তানৰ কেৰিয়াৰ ভাল হোৱাতো বিচাৰে । সমাজৰ বৰ বৰ মানুহবোৰেই সেই আৰ্দশ দেখুৱাইছে । তেনেকুৱা এটা সামাজিক পৰিবেশ গঢ়ি তোলা হৈছে । অকল শিক্ষকক গালি পাৰি কি হব ; ৰাজহুৱা সম্পত্তি হিচাপে চৰকাৰী শিক্ষানুষ্ঠানখনৰ প্ৰতি আমাৰো এটা সামাজিক তাড়না থাকিব লাগিব । সমাজৰ ক্ষমতাশালী মানুহবোৰৰ সন্তানে যদি এইবোৰ শিক্ষানুষ্ঠানত পঢ়িলেহেতেঁন তেন্তে শিক্ষকসকলেও ভয়তেই হওক বা ভক্তিতেই হওক অধিক দায়বদ্ধ আৰু একনিষ্ঠ হবলৈ বাধ্য হলহেতেঁন । সেই পৰিবেশ সৃষ্টি কৰিব নোৱাৰা বাবে চৰকাৰ ; শিক্ষক সমাজ আৰু সমাজখন সামগ্ৰিকভাবে জগৰীয়া ।
কোনোবা দৈৱজ্ঞৰ ভৱিস্যতবানী কিয় লাগে । এইবোৰত আমাৰ বিশ্বাস নাই । দৈৱজ্ঞৰ বানীক ভৰসা কৰি লাচিতে ক্ষন মিলা নাই বুলি হাত সাৱটি বহি থকা হলে শৰাইঘাট যুদ্ধত জয়লাভৰ মুখেই নেদেখিলেহেতেঁন । মোগল নৌ সেনা আগুৱাই অহাৰ সময়ত আন্ধাৰু বালিত গড় মাৰি ৰোৱা লাচিতে আহোম সেনাক বৰহিলৈ মাৰিবলৈ আদেশ দিলে । কিন্ত দৈৱজ্ঞই কলে-খেন মিলা নাই । এতিয়াই বৰতোপ মৰা ভাল নহব । দৈৱজ্ঞৰ কথাত গৰ্জি উঠিল লাচিত আৰু নৰিয়া গাৰেই উঠিল নাৱঁত । এতেকে বাস্তৱ জ্ঞানবুদ্ধিৰেই কিছুমান কথা বুজিব পাৰি । তাৰ বাবে দৈৱজ্ঞৰ গননাৰ প্ৰয়োজন নাই । যোৱা বৰ্ষত সৰ্বানন্দ সোনোৱালেই পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ আছে বুলি কোৱা কোনোবা দৈৱজ্ঞৰ বৰ্ষফল গননা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুদ্ধিভ্ৰষ্ট হব ; উচ্চ চিন্তা লোপ পাব । সেইটো আৰু দৈৱজ্ঞই কব লগা কথানে ! বাস্তৱ জ্ঞানবুদ্ধিসম্পন্ন মানুহে আৰম্ভনিৰে পৰা সেয়া দেখি-বুজি অহৰহ সকীয়নি দিয়েই আছে । মুখ্যমন্ত্ৰী এজন হৈ ড্ৰাগছ-গড়ঁৰ খড়গ দাহনৰ দৰে কেতবোৰ কৰ্মত নমাতো ; বুম দেখিলেই পদমৰ্যদা পাহৰি হোৱাই-নোহোৱাই বকলা মেলাতো ; আইন বৰ্হিভূত ভুৱা এনকাউণ্টাৰক লৈয়ো গৰ্ববোধ কৰাতো ; নিজে দীৰ্ঘকাল শিক্ষামন্ত্ৰী হৈ থকাৰ পিচত চৰকাৰী শিক্ষানুষ্ঠানবোৰ বন্ধ হৈ যাব বুলি বাহাদুৰি মৰাতো বুদ্ধিভ্ৰষ্ট মানুহৰে লক্ষন । সমালোচনাক আদৰনি জনোৱাৰ সলনি অহংকাৰ আৰু তোষামোদত অভ্যস্ত মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱাই স্বাভাৱিক । সেইকথা দৈৱজ্ঞই নকলেও হয় । আৰু এই যে কোৱা হৈছে- অৰ্থনৈতিক-ৰাজনৈতিক-খাদ্য সংকট আদিয়ে ৰাজ্যখন পীড়িত কৰিব । হত্যা-লুণ্ঠন-অপহৰনৰ দৰে ঘটনাবোৰ বৃদ্ধি পাব । এইটো কিবা ভৱিস্যতবানী কৰিবলগীয়া কথানে ! ভুল অৰ্থনৈতিক নীতিৰে ৰাজ্য চলাবলৈ গলে সেয়া অৱধাৰিত । সুস্থ অৰ্থনীতিৰ ওপৰতে সামাজিক-ৰাজনৈতিক গতিধাৰা নিৰূপন হয় । এইবোৰ কথাকে আমাৰ নিচিনা অল্পজ্ঞানীবোৰেও দেখোন অহৰহ বলকি আছো । তাৰ পৰা শিক্ষা নললে উপায় কি ! ৰজাৰ দোষত ৰাজ্য নষ্ট ; প্ৰজাই কষ্ট পায় । এইকথা চানক্যইয়ে দেখোন কৈ গৈছে । সেই কথা বুজিবলৈ কোনো দৈৱজ্ঞৰ পাঠ নালাগে ।

Post a Comment

Previous Post Next Post

People Like