১৬ বছৰীয়া ছোৱালীক বিয়া কৰাবলৈ গৈ জেললৈ গ’ল বুঢ়া কিন্তু কিয় ?
লামডিঙত নিশাৰ ভাগত বিবাহ স্থলীৰ পৰা হোজাই চাইল্ডলাইনে উদ্ধাৰ কৰে কইনা সহ দৰাক।
হোজাই জিলাৰ অন্তৰ্গত লামডিঙত নিশাৰ ভাগত হোজাই চাইল্ড লাইন (Child line) ওয়েল ফেয়াৰ কমিটীৰ এটা দলে আৰু লামডিঙ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন কুমাৰ শৰ্মাৰ সহযোগীতাৰ বিবাহ স্থলীৰ পৰা কইনা সহ দৰাক উদ্ধাৰ কৰি লামডিঙ থানালৈ লৈ আনে।
পশ্চিম লামডিঙ পঞ্চায়তৰ 2 নং সাসৰী গাওঁৰ পৰা উদ্ধাৰ কৰে।
হোজাই চাইল্ড লাইন (Child line) ওয়েল ফেয়াৰ কমিটিৰ বিষয়াৰ ভাস্য অনুসৰি বাল্য বিবাহ খবৰ পাই এক গোপন সূত্ৰৰ পম খেদি নিশাৰ ভাগত পশ্চিম লামডিঙ পঞ্চায়তৰ 2 নং সাসৰী গাওঁত অভিযান চলাই দৰা সহ কইনাক উদ্ধাৰ কৰে।
দৰা কইনাক প্ৰথমিক স্বাস্থ্য পৰীক্ষা কৰাই হোজাই চাইল্ড লাইন ওয়েল ফেয়াৰ কাৰ্যালয়ত লৈ যা্য়।
দৰাৰ নাম সঞ্জীৱ কুমাৰ, কইনাৰ নাম সাম কুমাৰী,কইনাৰ পিতাৰ নাম টুন টুন চৌহান।