- কুৰুৱাবাহীত ২২ বছৰীয়া যুৱকৰ আত্মহত্যাৰ নতুন মুৰ
- প্ৰেয়সীৰ প্ৰতি সন্দেহৰ আঙুলি পৰিয়ালবৰ্গৰ
নগাঁৱৰ বেবেজীয়াৰ সমীপৰ কুৰুৱাবাহীত জ্যোতিময় বৰা নামৰ ২২ বছৰীয়া এজন যুৱকৰ আত্মহত্যাৰ ঘটনাই নতুন মুৰ লৈছে ৷ প্ৰথমাৱস্থাত পাৰিবাৰিক অশান্তিৰ বাবেই যুৱকজনে আত্মহণনৰ পথ বাছি লোৱা বুলি সন্দেহ কৰা হৈছিল যদিও শেহতীয়াভাবে যুৱকজনৰ পিতৃ, পৰিয়ালবৰ্গ আৰু চুবুৰীয়া লোকসকলে এই আত্মহত্যাৰ ঘটনাৰ বাবে এগৰাকী যুৱতীৰ প্ৰতি সন্দেহৰ আঙুলি টুৱাইছে ৷ যুৱকজনৰ পিতৃ খগেন বৰাই অভিযোগ কৰা মতে, কামপুৰৰ এগৰাকী স্নাতক শ্ৰেণীত অধ্যয়নৰত যুৱতীৰ সৈতে গোপনে প্ৰেমৰ সম্পৰ্ক আছিল যুৱকজনৰ ৷ সেই কথা পৰিয়ালৰ লোকে পূৰ্বে জনা নাছিল যদিও আত্মহত্যাৰ পিছত যুৱকজনৰ ম’বাইলত পোৱা এছ এম এছৰ পৰা এই বিষয়ে জানিব পাৰে ৷ অভিযোগ অনুসৰি, যুৱকজনৰ সৈতে শেহতীয়াভাবে যুৱতীগৰাকীৰ কাজিয়া হৈছিল এই সম্পৰ্কক লৈ ৷
আনকি যুৱকজনে আত্মহত্যাৰ পূৰ্বে গছত ছিপজৰি ওলোমাই সেই ফটো প্ৰেয়সীলৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু ইয়াৰ পিছতো যুৱতীগৰাকীয়ে কোনো গুৰুত্ব নিদিয়াত মানসিকভাবে ভাগি পৰি যুৱকজনে আত্মহত্যা কৰা বুলি অভিযোগ তুলিছে যুবকজনৰ পিতৃৰ লগতে পৰিয়ালবৰ্গ আৰু ওচৰ-চুবুৰীয়াই ৷ ইতিমধ্যে ম’বাইলৰ মেচেজৰ আঁত ধৰি পিতৃয়ে আৰক্ষীৰ কাষ চাপিছে পুত্ৰৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য উদঘাটনেৰে ন্যায় বিচাৰি ৷ ওচৰ-চুবুৰীয়াৰ মতে, সৎ, অমায়িক যুৱকজনৰ আত্মহত্যাৰ বাবে কামপুৰৰ যুৱতীগৰাকীৰ প্ৰেমৰ প্ৰতাৰণাৰ মুল কাৰক ৷ গতিকে সকলোয়ে এতিয়া আৰক্ষীৰ প্ৰতি অনুৰোধ জনাইছে প্ৰকৃত ন্যায় প্ৰদানৰ ৷ যাতে এনে ঘটনা আন কোনো যুৱকৰ ক্ষেত্ৰত নহওঁক ৷ উল্লেখ্য যে, যোৱা ২৩ মাৰ্চত বেবেজীয়াৰ সমীপৰ জাজৰি আৰক্ষী থানাৰ এলেকাধীন কুৰুৱাবাহী নিবাসী খগেন বৰাৰ পুত্ৰ জ্যোতিময় বৰাই ঘৰৰ কিছু নিলগতে পথৰ দাঁতিত থকা এজোপা গছত এডাল ৰছীৰে ছীপ লৈ আত্মহত্যা কৰিছিল ৷
কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা