আবিৰৰ ৰঙত ৰঙীন গুৰুজনাৰ জন্মস্থান বৰদোৱা
বসন্ত কালৰ আগলি বতৰা কঢ়িয়াই আনে ফাগুনী পূৰ্ণিমাই , পলাশ, মদাৰৰ ৰঙা ৰঙে প্ৰকৃতিক দিয়ে ৰং চটিয়াই । বসন্তৰ ৰং, সৃষ্টিৰ ৰং সকলো মিলি ফাকু্ৱা হয় মনোৰম । হোলীক লৈ ব্যাপক উৎসাহ উদ্দীপনা ৰাজ্যবাসীৰ । পবিত্ৰ ফাকুৱা উৎসৱৰ এই বিশেষ দিনটোত সমগ্ৰ দেশৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱা থানতো দেখা গল ব্যাপক উল্লাস উদ্দীপনা । ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ পৰিল বটদ্ৰবা থান চৌহদ । শুক্ৰবাৰে দ্বিতীয় দিনাও দেখা পোৱা গল লাখ লাখ দর্শনাৰ্থীৰে উদলি মুদলি পৰিবেশ । ফাকুৱা মানেই যেন ৰং আনন্দৰ সমাহাৰ।সমগ্ৰ ৰাজ্যৰ লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰবাতো বৃহস্পতি বাৰৰ পৰা ৫ দিনীয়া বৰ্ণধ্যা কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ।।
শুক্ৰবাৰৰ বিশেষ কাৰ্য্যসূচী আছিল গোঁসাই মূৰত ফাকু দিয়া উৎসৱ।। সেয়েহে ৰাতিপুৱাৰ পৰাই ধৰ্মীয় ৰীতি নিয়মেৰে গোঁসাই সেৱা কৰি গোঁসাই মূৰত ফাকু দিয়া উৎসৱটি পালন কৰে বটদ্ৰবা থানৰ ভকত বৈষ্ণবে।। যাক লৈ পোৱাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটিছে লাখ লাখ দর্শনাৰ্থীৰ।। পূৰ্বে কৰোনা পৰিস্তিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুস্তুপিয়া আছিল যদিও এই বছৰৰ বৰদোৱাত দেখা গ'ল এক অনন্য ৰূপ । দিনে নিশাই চলি থকা নাম কীৰ্তন চাবলৈ আগমন ঘটিল ভক্ত সকলৰ । বৰদোৱা মেলা বুলিলেই যেন কোলাই পাচিৰে নধৰা হোৱা কথা । মেলাৰ ভিৰ ইমানেই বেছি যে আপুনি খোজকাঢ়িবলৈয়ো ভয় কৰিব । ভক্তসকলে এই দিনকেইটাৰ বাবেই বাট চাই থাকে । ৰঙে ফাগু খেলে চৈতন্য বনমালী,দুহাতে ফাগুৰ গোন্ধ সিঞ্চন্ত মুৰাৰী৷” ফাকুৱাৰ ৰঙেৰে উপচি পৰক সকলোৰে জীৱন তাৰে কামনাৰে Camera Person ৰূপজ্যোতিৰ সহযোগত jishu barman ৰ report times guwahati