ছোৱালীক মাল বুলি কৈ কিয় ভাল পায় ? Story on woman || Happy international woman's day || Times Guwahati

 আন্তৰ্জাতিক নাৰী দিৱস ৰ শুভেচ্ছা জনাই 

  লেখনি --- নয়ন নাথ 


৮ মাৰ্চ, সমগ্ৰ বিশ্বতে পালন কৰিছে আন্তৰ্জাতিক নাৰী দিৱস । সকলোৱে  নাৰী সকলক বহুতো সন্মান কৰিছে । সমগ্ৰ বিশ্বৰ দৰে অসম ও ইয়াৰ ব্যতিক্ৰম নোহোৱাকৈ নাথাকিল , নাৰীক সন্মান দিয়াৰ বাবে অসমৰো  বিভিন্ন  ঠাইত আন্তৰ্জাতিক নাৰী দিৱস পালনৰ নামত মেল - মিটিং পাতিলে, ডাঙৰ ডাঙৰ নেতাৰ পৰা আৰম্ভ কৰি মন্ত্ৰী - এমেলে লৈকে সকলোৱে নাৰীসকলৰ বাবে এই মিটিংত বহুতো কথাই কলে, মিটিং পতাৰ নামত বহুতো টকা-পইচা খৰছ কৰিলে , কিছুমানে নিজৰ বহুমূলীয়া সময় অপব্যয় কৰিলে একমাত্ৰ নাৰীসকলক সন্মান দিয়াৰ বাবে । ৰাতিপুৱা সকলোবে  whatshap Status , Facebook story, Facebook post ইত্যাদিত  🌸 happy women days 🌸 লিখিব ।

              এইবোৰ দেখি সচাকৈ মনটো আনন্দত উৎফুল্লিত হয় । কিন্তু নাৰী সকলৰ এই সন্মানৰ বৰ্তমান সময়ত কিবা প্ৰয়োজনীয়তা আছেনে ? মাত্ৰ এটি দিনৰ বাবে আন্তৰ্জাতিক নাৰী দিৱস বুলি নাৰীসকলক সন্মান দি কিবা  জানো লাভ হবনে ? য'ত নেকি বছৰৰ 364 দিনতে নাৰীক অত্যাচাৰ কৰা হয়। প্ৰতিটো দিনতে কোনোবা নহয় কোনোবা নাৰী ধৰ্ষিতা হয় । বৰ্তমান সময়ত 9 বছৰীয়া কন্যা শিশুকো ধৰ্ষণ কৰি হত্যা কৰিব লৈছে, নিজৰ পত্নীক শোষণ কৰি আছে , মাতৃক নি বৃদ্ধাশ্ৰমত থৈচে , বিধৱা নাৰীক অকলশৰীয়াৰ সুযোগ লৈ নিৰ্যাতন কৰি আছে  , প্ৰতিটো দিনতে ঘটি থকা এনে ঘটনা বোৰ শুনি মাত্ৰ এদিনৰ বাবে অসমত আন্তৰ্জাতিক নাৰী দিবসৰ কিবা প্ৰয়োজন আচে বুলি ভাবেনে ? ইয়াৰ উত্তৰ কাৰোৱাৰ হাঁতত আচেনে? 

             কিছুমান লিখনিত কমেণ্ট পাইছোঁ আমাৰ অসমত হেনো ছোৱালী বেছিকৈ ধৰ্ষিতা হয়  একমাত্ৰ চুটি কাপোৰ পৰিধানৰ বাবে, ছোৱালীবোৰে ইমানে চুটি কাপোৰ পিন্ধে যে দেহৰ আধা অংশ ওলাই থাকে ।

Happy international woman's day


                      "এইখিনি কথা মিছা নহয় , মানিলো চুটি কাপোৰ পৰিধান কৰা বাবে গাভৰু ছোৱালীজনীৰ শৰীৰ দেখি নিজৰ কামনা- বাসনা ধৰি ৰাখিব নোৱাৰি ধৰ্ষণ কৰে , কিন্তু এজনী 5 বছৰীয়া ছোৱালীক কি চাই ধৰ্ষণ কৰে? আছে ইয়াৰ উত্তৰ ? ছোৱালী জনীয়ে  কি পিন্ধিচে, কলৈ গৈচে, তাত চিধাই চকু পৰে কিয় ? কিয় তাইৰ চকুযুৰীলৈ চোৱাৰ পৰিবৰ্তে চিধাই দেহত চকু দিয়ে আনক দোখ দিয়াৰ আগত প্ৰথমে নিজৰ চকুযুৰিক বুজাবলৈ যত্ন কৰক যে ছোৱালীৰ গোপন অংগ ত দৃষ্টি দিয়া তো বহুত ডাঙৰ পাপ । প্ৰথমে নিজৰ মনটো পৰিস্কাৰ কৰিবলৈ যত্ন কৰক , মন পৰিস্কাৰ হলে নিজে দেখিব আপোনাৰ চকুৰ আগেৰে চুটি কাপোৰ পৰিধান কৰা ছোৱালী বুলি যে নহয় বিবস্ত্ৰদেহৰ ছোৱালী পাৰ হৈ গলে ও মন পিছলি নাযাব । বৰঞ্চ তাইক তেনেকৈ দেখা পাই নিজৰে বহুত লাজ লাগিব । হয় নে নহয় পৰীক্ষা কৰক ।  মই গেৰাণ্টি দিছোঁ  আপোনাৰ তাইক দেখা মাত্ৰকে লাজ  লাগি যাব । আৰু তাই আঁতৰি যোৱাৰ আগতে নিজৰ মনে আপোনাক তাইৰ ওচৰৰ পৰা আঁতৰাই লৈ যাব । এনেকুৱা ধাৰনা সকলোৰে মনত উদয় হলে আমাৰ ৰাজ্য সছাকৈ পৰিস্কাৰ হব !! বেশ্যালয়ত যেতিয়া পুৰুষ যোৱা বন্ধ কৰিব তেনে বেশ্যালয় অতি সোনকালে বন্ধ হৈ পৰিব !! আৰু লাহে লাহে আমাৰ অসম ধৰ্ষন মুক্ত অসম হৈ পৰিব ,আৰু তেতিয়া হে অসমত আন্তৰ্জাতিক নাৰী দিবসে পূৰ্ণতা পাব ............

Sex education


        "অভিভাবক সকলে সৰুৰ পৰা সন্তানক যৌন শিক্ষাৰ জ্ঞান দিয়াৰ ব্যবস্থা কৰক , কোনবোৰ বস্তুৰ পৰা সদাই আতৰি থাকিব লাগে তাৰ জ্ঞান দিয়ক , মানব দেহৰ গোপনীয় অংগবোৰত চকু দিব নালাগে বুলি মনত চাপ বহি যোৱাকৈ বুজাই দিয়ক । হাঁতত যদি সন্তানৰ মোৱাইল ফোন তুলি দিয়ে নিজৰ দায়িত্ব বাদ নিদিব , সন্তানে মোৱাইলত কি চাইচে?, কি কৰিচে ?প্ৰকৃততে মোৱাইল সৎ কামত ব্যবহাৰ কৰিচে নে অসৎ কামত ব্যবহাৰ কৰিচে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ যত্ন কৰক ।  দেখিব আপোনাৰ মৰমৰ সন্তানে কেতিয়াও বেয়াৰ ফালে মন নেমেলিব !! আৰু আপোনালোকৰ কথাৰ পৰাই যৌন শিক্ষাৰ জ্ঞান সন্তানে আয়ত্ব কৰি লব !!

            প্ৰত্যেক জনী নাৰী হৈচে এখন ঘৰৰ লক্ষ্মী যিখন ঘৰত নাৰীয়ে সদায় হাঁহি মুখ লৈ থাকে সেইখন ঘৰত লক্ষ্মী আইৰ আশীৰ্বাদ সদায় থাকে !! মনত ৰাখিব এজনী নাৰী অবিহনে এখন ঘৰ কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে ! শাস্ত্ৰত কৈচে যিখন ঘৰত নাৰীয়ে সদাই চকুপানি টুকে সেই ঘৰত মা - লক্ষ্মী বাস নকৰে , গতিকে এই কথাষাৰি মনত ৰাখি নাৰীক শোষণ নহয় অহাকালি লৈ দিয়াৰ দৰে বছৰৰ প্ৰতিটো দিনতে সন্মান দিয়ক ........ 

         মন নাযায় নে নিজৰ ৰাজ্য খন অপৰাধ মুক্ত কৰিবলৈ , বাহিৰৰ আন 10 জনৰ আগত ধৰ্ষণ মুক্ত অসম বুলি কবলৈ......  

                     "নিজৰ ভন্তি জনীৰ দৰে তাইৰ লগৰী কেইজনীকো ভন্তি বুলিয়ে ভাবিবলৈ নোৱাৰেনে !! নিজৰ জনী যেনেকৈ মৰমৰ ভন্টি তাইৰ লগৰী কেইজনী ও কাৰোবাৰ বহুত মৰমৰ আলখুৱা জীয়ৰী ।। সিহঁতক ও ভন্টি বুলি য়ে ভাবি চাবা চোন নিজে কেতিয়াও অকলশৰীয়া হৈ নপৰা ।। যেতিয়াই বিচৰা তেতিয়াই সিহঁতৰ সহায় পাবা

         লগতে কেতিয়াও ছোৱালীক "মাল" বুলি নামাতিব ! মাল বুলি উচ্ছাৰন কৰাৰ আগত ভাবিব তাই কাৰোবাৰ মৰমৰ ভনী । কাৰোবাৰ একমাত্ৰ ছোৱালী , সেয়েহে নাৰীক নাৰীৰ শাৰিতে ধৰিব সকলোকে নিজৰ "মা" "বা" ভন্তীৰ দৰে ভাবি লবলৈ যত্ম কৰিব তেতিয়া অসমত আন্তৰ্জাতিক নাৰী দিবসে পূৰ্নতা পাব ......

             "আহক আমি সকলোৱে ধৰ্ষনকাৰীৰ বিৰুদ্ধে মাত মাতো নিজেও সজাগ হঁও আনকো সজাগ কৰি আমাৰ অসম ধৰ্ষন মুক্ত অসম কৰি গঢ় দিও আহক"

          শেষত সকলো মোৰ লিখনি প্ৰেমিক বাইদেউ ভন্টীলৈ লিখনিৰ জৰিয়তে আগতীয়াকৈ মই জনাইছোঁ মোৰ ফালৰ পৰা আন্তৰ্জাতিক নাৰী দিৱসৰ অলেখ শুভেচ্ছা 🌸💐 প্ৰাৰ্থনা কৰিছোঁ ভগৱানে সকলো নাৰীক দিয়ক শকতি সাহস ও প্ৰেৰণা ।

                                           

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.