অহাবাৰ বিজেপি চৰকাৰ আহিব, ২৩ লাখ নিবনুৱাক চাকৰি দিম - হিমন্ত বিশ্ব শৰ্মা


বিজেপি চৰকাৰ আহিব । ২৩ লাখ নিবনুৱাক চাকৰি দিব ।

আপোনালোকক প্ৰতিশ্ৰুতি দিছো বিজেপি দল চৰকাৰলৈ আহিব , ২৩ লাখ যুৱক যুৱতীৰ কৰ্ম  সংস্থাপনৰ পথ আমি মুকলি কৰিম ।বিদ্যালয় পাদেশিকৰনৰ কাম সম্পূৰ্ণ কৰিম । টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰিম । ৰাজিৱ গান্ধী লিটাৰ্চাৰ প্ৰগাৰ্মৰ কমিউটাৰ শিক্ষক সকলৰ সমস্যা সমাধান কৰিম । বানপানীৰ সমস্যা আমি সমাধান কৰিম । এই মন্তব্য আছিল একালৰ কংগ্ৰেছী মন্ত্ৰী বৰ্তমানৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । চতুৰ ৰাজনীতিৰে আভুৱা ভৰা প্ৰতিশ্ৰুতিৰে ৰাইজৰ মন জয় কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাতেই যেন কতা যায়, কথাতেই বটা পায় । নিৰ্বাচনৰ পূৰ্বে হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি । নিৰ্বাচনৰ পিছত বিভিন্ন লোভনীয় আচনিৰে ভোটাৰৰ মন জয় । প্ৰতিখন চৰকাৰেই যেন কেৱল সৎ ৰাজনীতিৰ নামত ফুলজাৰী । বিজেপীয়ে চৰকাৰ দখল কৰাৰ আগতেই প্ৰতিশ্ৰুতি দিছিল ২৩ লাখ নিবনুৱাক চাকৰি দিব । কিন্তু ২৩ লাখটো বাদেই ১ লাখ চাকৰিৰ বাবেও আজি কত যে আন্দোলন । যোৱা ২৫ মাৰ্চ ২০২২ ত এক চাকৰিৰ বিজ্ঞাপন ওলাল । অসম চৰকাৰে জাৰি কৰিছে বৃহৎ নিযুক্তিৰ বিজ্ঞাপন। ১ লাখ নিবনুৱাক নিযুক্তিৰ প্ৰসংগক লৈ বিতৰ্ক চলি থকাৰ মাজতে অসম চৰকাৰে শনিবাৰে প্ৰকাশ কৰা এই বিজ্ঞাপনে চাকৰি বিচৰা নিবনুৱাসকলক উপকৃত কৰিব বুলি সকলো ফালে আনন্দৰ জুৱাৰ ।

মুঠ ২৬,৪৪১ টা পদ পূৰণৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই ২৬ হাজৰৰো অধিক পদৰ ভিতৰত তৃতীয় বৰ্গৰ পদৰ সংখ্যা ১৩,১৪১ টা আৰু চতুৰ্থ বৰ্গৰ পদৰ সংখ্যা ১৩,৩০০ টা।

Read This Also :- কম ধন বিনিয়োগ কৰি কেনেকৈ বেছি ধন উপাৰ্জন কৰিব পাৰি জানক

তৃতীয় বৰ্গৰ খালী পদসমূহৰ ভিতৰত আছে একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এচিচটেণ্ট, এলডিএ আৰু ষ্টেনগ্ৰাফাৰৰ মুঠ পদ আছে ৮,৩৩১ টা। আনহাতে ফিল্ড এচিচটেণ্ট, ফিল্ডমেন, পৰমেন, চেকশ্যন এচিচটেণ্ট, চইল কনজাৰভেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ মুঠ পদ আছে ৩,৬৯০টা। অষ্টম শ্ৰেণীৰ উত্তীৰ্ণৰ বাবে মুঠ খালী পদ আছে ৯০০০ টা। আনহাতে মেট্ৰিক উত্তীৰ্ণৰ বাবে পদ আছে ৪,৩০০টা। ড্ৰাইভাৰ পদ আছে ১,১২০ টা।  অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ১১ এপ্ৰিল ২০২২ৰ পৰা। আনহাতে আৱেদন প্ৰক্ৰিয়াৰ অন্ত পৰিব ৩০ মে’ ২০২২ তাৰিখে। প্ৰাৰ্থীসকলে ৩৫০ টকাকৈ মাচুল পৰিশোধ কৰাৰ লগতে এছ টি আৰু এছ চি প্ৰাৰ্থীয়ে ২৫০ টকাকৈ মাচুল পৰিশোধ কৰিব লাগিব। মুঠতে চৰকাৰে নিবনুৱাৰ পৰা সংগ্ৰহ কৰিব ৫০ কোটি টকা । চাকৰি দিম কৈছে ঠিকেই , নিৰ্বাচনৰ পূৰ্বে নিৱনুৱাক আশা দিছে ঠিকেই, কিমান যে কাৰ্যকৰী হ’ব সেইয়া এতিয়া সন্দেহৰ বিষয় । কাৰণ পূৰ্বে চাকৰিৰ কেৱল বিজ্ঞাপনহে উলাল, বহুতৰে Exam পাতিলে , ৰিজাল্ট হলে বহু চাকৰিৰে নোলাল । বিনামুলীয়া চাউল খোৱাই মূল্যবৃদ্ধিৰে জুৰুলা কৰা চৰকাৰে কেতিয়া বুজিব ৰাইজৰ দুখ দুৰ্ষশাৰ কথা । এই ২৬,৪৪১ টা পদ পূৰণৰ বিজ্ঞাপনো কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিব নেকি সেয়া ৩০ মে’ৰ পিছত পোহৰলৈ আহিব । 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.