Announces a historical judgment by Çourt of Additional Sessions Judge &Cum Special Judge(POCSO), Morigaon
অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ(প'ক্স'),মৰিগাঁৱৰ ঐতিহাসিক ৰায়
অভিযুক্তক ৰূপন দেউৰী ওৰফে বাবুক ২০ বছৰ সচ্চম কাৰাদণ্ডৰ বিহাৰ ৰায় অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ(পক্স),মৰিগাঁৱৰ
হয়, অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ(পক্স),মৰিগাঁৱে প্ৰদান কৰিলে এই ঐতিহাসিক ৰায় । ২০১৯ চনত মৰিগাঁও জিলাৰ জাগীৰোড থানাত ৰুজু হৈছিল 473/2019 under section 376(2)(3) of IPC,r/w section 6/9(n) of POCSO Act ৰ এক গোচৰ।সেই গোচৰ অনুসৰি জাগীৰোডৰ নতুনগাঁৱৰ লম্পট ৰূপন দেউৰী ওৰফে বাবুয়ে সুযোগ বুজি ধৰ্ষণ চলাইছিল নিজ ভগ্নীক।
ভুক্তভোগী ভগ্নী ৭মাহৰ গৰ্ভপাত হোৱাৰ পাছত পোহৰলৈ আহে এই সম্পূৰ্ণ ঘটনা। আৰু তাৰ পাছতে স্থানীয় সচেতন ৰাইজ আৰু পৰিয়ালৰ লোকে জাগীৰোড থানাত উল্লেখিত নম্বৰৰ এক গোচৰ ৰুজু কৰিছিল। এক দীঘলীয়া তদন্তৰ পাছত আজি এই গোচৰৰ ৰায় প্ৰদান কৰে অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ(প'ক্স'),মৰিগাঁৱে।
অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ(প'ক্স'),মৰিগাঁৱৰ ন্যায়াধীশ অনিল কুমাৰ বাস্ফৰ আদালতে প্ৰদান কৰা এই ৰায় অনুসৰি অভিযুক্ত ৰূপন দেউৰী ওৰফে বাবু নামৰ লম্পটটোক ২০ বছৰৰ সচ্চম কাৰাদণ্ডৰ বিহে। এই ঐতিহাসিক ৰায়ৰ পাছত ভুক্তভোগীৰ পক্ষৰ অধিবক্তা অজিৎ কুমাৰ বিষয়াই সাংবাদিকৰ ওচৰত এনেদৰে মন্তব্য কৰে
মৰিগাঁৱৰ পৰা কৃষ্ণ কুমাৰ নাথৰ ৰিৰ্পট