" Spa চেলুনত পুৰুষক মাছাজ দিব নোৱাৰিব মহিলাই, GMC ৰ বিশেষ নিৰ্দেশনা জাৰি

Spa চেলুনত পুৰুষক মাছাজ দিব নোৱাৰিব মহিলাই, GMC ৰ বিশেষ নিৰ্দেশনা জাৰি

Spa চেলুনত পুৰুষক মাছাজ দিব নোৱাৰিব মহিলাই, GMC ৰ বিশেষ নিৰ্দেশনা জাৰি



 হয়, GMC ৰ এই নিৰ্দেশনাৰ পিছত চিন্তাত পৰিছে পাৰ্লাৰ সমূহ । এই নিয়ম 

বিউটি পাৰ্লাৰ, চেলুন, স্পাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব । পাৰ্লাৰ সমুহত অনৈতিক কাৰ্যকলাপ চলি থকা বুলি ৰাইজৰ বিভিন্ন অভিযোগৰ পাছতে এতিয়া কঠোৰ হৈছে এতিয়া গুৱাহাটী পৌৰ নিগম।(GMC)


এতিয়াৰে পৰা স্পা, পাৰ্লাৰ, unisex চেলুনত বিপৰীত লিংগই দিব নোৱাৰিব মাছাজ । কেৱল সমলিংগইহে দিব পাৰিব মাছাজ। যদি দিয়া ধৰা পৰে তেন্তে আইনী ব্যৱস্থা লব GMC য়ে ।


GMC কৰ্তৃপক্ষই পাৰ্লাৰসমূহলৈ জাৰি কৰা জাননী এইখন :::::




  • পাৰ্লাৰ বা চেম্বাৰৰ ভিতৰত একাশৰীয়া বা ভিতৰুৱা কোঠা থাকিব নোৱাৰিব।
  • মূখ্য দ্বাৰ স্বচ্ছ হৈ থাকিব লাগিব ।
  • স্পা বা ইউনিচেক্স চেলুনৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়ত যোগ্য থেৰাপিষ্ট থকা উচিত।
  • বিপৰীত লিংগৰ ব্যক্তিৰ দ্বাৰা মাছাজ কৰাব নোৱাৰিব। অর্থাৎ পুৰুষক মহিলাই বা মহিলাই পুৰুষক মাছাজ দিব নোৱাৰিব ।
  • ইউনিচেক্স (Unisex) পাৰ্লাৰত কৰ্মৰত কৰ্মচাৰী ডিগ্ৰীধাৰী হ’ব লাগিব।
  • পাৰ্লাৰ, স্পা চেলুনলৈ অহা গ্ৰাহকৰ মবাইল নম্বৰ আৰু ঠিকনা সকলো তথ্য ৰাখিব লাগিব কৰ্তৃপক্ষই।
  • CCTV  সংযোগ কৰিব লাগিব কৰ্তৃপক্ষই ।
  • ষ্টীম বাথৰ লব পাৰিব কিন্তু সেই সময়ত কোনো কাৰণতে আনে সহায় কৰিব নোৱাৰিব । পুৰুষে গা ধুলে মহিলাই আৰু মহিলাই গা ধুলে পুৰুষে সহায় কৰিব নোৱাৰিব ।


Post a Comment

Previous Post Next Post

People Like