" স্পেচএক্স ৰকেটত ডায়েপাৰ পিন্ধি ভ্ৰমণ কৰিলে চাৰিজন মহাকাশচাৰীয়ে

স্পেচএক্স ৰকেটত ডায়েপাৰ পিন্ধি ভ্ৰমণ কৰিলে চাৰিজন মহাকাশচাৰীয়ে


Four astronauts returned to earth after 200 days with spacex capsule

Four astronauts returned to earth after 200 days with spacex capsule

সুৰক্ষিত ভাৱে ঘৰলৈ উভতি অহা চাৰিজন মহাকাশচাৰী 200 দিনৰ পিছত পৃথিৱীলৈ উভতি আহে, স্পেচএক্স ৰকেটত ডায়েপাৰ পিন্ধি ভ্ৰমণ কৰিছিল তেওলোকে । শুনিবলৈ আছহুৱা হলেও এইয়া অনাকাংশীত ঘটনা । যাত্ৰীসকল সোমবাৰে ৰাতিপুৱালৈ উভতি অহাৰ কথা আছিল কিন্তু নাছাই তীব্ৰ বতাহৰ বাবে যাত্ৰীসকলৰ উভতি অহা স্থগিত ৰাখিছিল।  

চাৰিজন মহাকাশচাৰী সোমবাৰে নিশা ২০০ দিন বা মহাকাশত প্ৰায় ছয় মাহ অতিবাহিত কৰাৰ পিছত পৃথিৱীলৈ উভতি আহিছে। তেওঁলোকে তেওঁলোকৰ স্পেচএক্স কেপচুলৰ সৈতে মেক্সিকো উপসাগৰত অৱতৰণ কৰিছিল। বাতৰি অনুসৰি, স্পেচ এক্স ক্ৰুৰ চাৰিজন সদস্য মহাকাশ কেন্দ্ৰ এৰি যোৱাৰ মাত্ৰ আঠ ঘণ্টা পিছত সুৰক্ষিতভাৱে পৃথিৱীলৈ উভতি আহিছিল। 

নাছাই আগতে বেয়া বতৰৰ বাবে চাৰিজন যাত্ৰীৰ উভতি অহাৰ সময় সোমবাৰে আবেলিলৈ স্থগিত ৰাখিছিল। দৰাচলতে, ফ্লৰিডাৰ উপকূলত তীব্ৰ বতাহ বৈ আহিছিল, যাৰ ফলত সুৰক্ষিত ভাৱে ঘূৰি অহাৰ ভাবুকি থাকিব পাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত, চাৰিজন সদস্যৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন পিছুৱাব লগা হৈছিল। 
২০০ দিনৰ যাত্ৰা সম্পূৰ্ণ কৰি পৃথিৱীলৈ উভতি অহা যাত্ৰীসকলৰ ভিতৰত আছে নাছাৰ শ্বেন ক্ৰিম্বু, মেগান মেকআৰ্থাৰ, জাপানৰ আকিহিকো হোশ্বেড আৰু ফ্ৰান্সৰ থমাছ পেস্কেট। 

শৌচাগাৰটো ভাঙি গৈছিল, ডায়েপাৰ পিন্ধি ভ্ৰমণ কৰিব লগা হৈছিল ।

মহাকাশৰ পৰা পৃথিৱীলৈ উভতি অহাটো যথেষ্ট কঠিন আছিল। এই যাত্ৰীসকলক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ নিবলৈ অহা স্পেচএক্স ৰকেটৰ শৌচালয়টো ভাঙি গৈছিল। ইয়াৰ বাবে, যাত্ৰীসকলে মহাকাশ কেন্দ্ৰ এৰি যোৱাৰ পিছত গোটেই যাত্ৰাটোত ডায়েপাৰ পিন্ধিব লগা হৈছিল। নাছাৰ মহাকাশচাৰী মেগান মেকআৰ্থাৰে এই ভ্ৰমণক ভয়ানক বুলি বৰ্ণনা কৰিছে। 

চাৰিজন মহাকাশচাৰী পৃথিৱীলৈ উভতি অহাৰ পিছত আন চাৰিজন যাত্ৰীৰ মহাকাশ ভ্ৰমণ পথ মুকলি কৰা হৈছে। চাৰিজন যাত্ৰীক বুধবাৰে স্পেচএক্সৰ পৰা মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব। মহাকাশচাৰীসকলে ইতিমধ্যে যোৱাৰ কথা আছিল, কিন্তু বেয়া বতৰ আৰু এজন যাত্ৰীৰ স্বাস্থ্যৰ অৱনতিৰ বাবে যাত্ৰা টো পিছুৱাই দিয়া হৈছিল। তেওঁলোকক এতিয়া বুধবাৰে ফ্লেগ অফ কৰা হ'ব। এই যাত্ৰীসকল প্ৰায় ছয় মাহৰ বাবে মহাকাশ কেন্দ্ৰত থাকিব। 


Post a Comment

Previous Post Next Post

People Like