" ১,৮০০ টকাৰ Petrol ভৰাই মাত্ৰ ২ কিঃমিঃ গৈ বন্ধ হৈ পৰিল চাৰিচকীয়া বাহন ! Petrolৰ ঠাইত ডিপোৱে ভৰালে গেলা পানী

১,৮০০ টকাৰ Petrol ভৰাই মাত্ৰ ২ কিঃমিঃ গৈ বন্ধ হৈ পৰিল চাৰিচকীয়া বাহন ! Petrolৰ ঠাইত ডিপোৱে ভৰালে গেলা পানী

১,৮০০ টকাৰ Petrol ভৰাই  মাত্ৰ ২ কিঃমিঃ গৈ বন্ধ হৈ পৰিল চাৰিচকীয়া বাহন ! Petrolৰ ঠাইত ডিপোৱে ভৰালে গেলা পানী 

Nagaon petrol pump scam


তেল ডিপুত তেল ভৰাওতে সাৱধান হওক । তেল ভৰাওতে সাৱধানে লক্ষ্য কৰা উচিত তেল ভৰিছেনে গেলা পানী । তেনে ঠগ বাজীৰ সন্মোখীন হ'ল নগাওঁৰ এজন যুৱক । যুৱকজনৰ নাম ৰাজু মনি ডেকা । নগাঁৱৰ জাজৰিৰ এটা তেল ডিপোত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰা মতেন-মাটি গাঁৱৰ যুৱকজনে জাজৰিৰ ইণ্ডিয়ান অইলৰ তেল ডিপোত সোমবাৰে নিশা ১৮০০ টকাৰ Petrol নিজৰ চাৰিচকীয়া বাহন খনত ভৰাইছিল । ঘৰলৈ উভতি অহাৰ পথতেই লাগিল কেনা । ২কিলোমিটাৰ চলাৰ পিছতে হঠাৎ তেওঁৰ বাহনখন অচল হৈ পৰিল । পিছত স্থানীয় সচেতন যুৱকে এগৰাকী মটৰ মেকানিকক খবৰ দিয়াত তেওঁ গাড়ীখন পৰীক্ষা কৰি দেখে যে যুৱকজনৰ বাহনখনৰ তেলৰ টেংকীত পেট্ৰ'লৰ সলনি পানী ভৰোৱাৰ পিছতে বাহনখন বিকল হৈ পৰিছে।


এই খবৰ বিয়পি পৰাৰ লগে লগে হাতীচোঙৰ কেইবাগৰাকীও যুৱকে পেট্ৰ'ল ডিপোত গৈ এই বিষয়ে আপত্তি দৰ্শোৱাত ওলোটাই তেল ডিপোৰ মালিকে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰি উভতাই পঠোৱাৰ অভিযোগ উঠিছে । এই কাণ্ডৰ পিছতেই পেট্ৰ'ল ডিপোটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিবপৰা মতে, ডিপোটোৰ ৰিজাৰ্ভাৰত পানী সোমোৱাৰ বাবে দেওবাৰে ডিপোটো বন্ধ কৰি ৰাখিছিল । কিন্তু ৰিজাৰ্ভাৰ চাফা নকৰাকৈয়ে পুনৰ তেওঁলোকে ডিপোটোত গ্ৰাহকক তেল বিক্ৰী কৰাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে। এইক্ষেত্ৰত হাতীচোং, ন-মাটি আদি অঞ্চলৰ ৰাইজে ডিপোটোৰ মালিক কৰ্তৃপক্ষৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। প্ৰথম অৱস্থাত তেল ডিপো কৰ্তৃপক্ষই মানি লবলৈ অমান্তি হৈছিল যদিও পিছত তথ্য প্ৰমাণসহ দেখোৱাত মানি লবলৈ বাধ্য হয় ডিপোৰ মালিক ।

অধিক জানক :- 👉 তেল ডিপোত তেল ভৰাওতে সাৱধান কেনেকৈ হ'ব ?

Post a Comment

Previous Post Next Post

People Like