"মুছলমান গাঁৱত নাখাব গাহৰি " ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
কোনো মুছলমান গাওঁত গাহৰি খাব নোৱাৰিব কোনেও । এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । কেৱল হিন্দু সকলেহে গাহৰি খাব বা কাটিব পাৰিব বুলি মন্তব্য কৰিলে মন্ত্ৰী গৰাকীয়ে । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই । যি ঠাইত গো মাতাক পূজা কৰা হয় তাৰ ২০ কিলোমিটাৰ পৰ্যন্ত কোনো গৰু কাটিব নোৱাৰিব । লগতে গাহৰিও কাটিব নোৱাৰিব । মুছলমান গাওঁ সমূহতো গাহৰি কাটিব নোৱাৰিব যাতে মুছলমান সকলে ধৰ্মৰ কোনো ক্ষতি নহয় । তাৰ সমান্তৰাল ভাৱে কোনো হিন্দু এলেকাত বা ২০ কিলোমিটাৰ ব্যৱধানত গৰু কটা নিষেধাজ্ঞা জাৰি কৰা হৈছে ।