ব্যয়বহুল হবলৈ গৈ আছে তাজমহল : ১ এপ্ৰিলৰ পৰা লাগিব ইমান টকা !
আজিৰ এই নিবন্ধটোত আমি আপোনাক ভাৰতৰ আটাইতকৈ ধুনীয়া, বিশ্ব প্ৰসিদ্ধ তাজমহলৰ কথা কবলৈ গৈ আছোঁ। তাজমহল চাবলৈ দেশী -বিদেশী লোকৰ আগমন ঘটে।
এতিয়া কেৱল ভাৰতীয় মানুহে নহয় বিদেশী পৰ্যতক সকলেও তাজমহল চাবৰ কাৰণে অধিক ধন খৰছ কৰিব লাগিব। ১এপ্ৰিলৰ পৰা ভাৰতীয় সকলৰ বাবে ৪৮০টকা হব টিকটৰ মূল্য,যত নেকি এতিয়াৰ মূল্য ২৫০টকা ।
বিদেশী পৰ্যতক সকলৰ বাবে এই মূল্য আছিল ১৩০০টকা আৰু ১ এপ্ৰিলৰ পৰা ইয়াৰ মূল্য হব ১৬০০টকা।
আপোনাক জনাওঁ যে ২০১৮ চনত ভাৰতীয় সকলৰ বাবে এই টিকট আছিল মাত্ৰ ৫০ টকাৰ আৰু বিদেশী সকলৰ বাবে আছিল ৭৫০ টকাৰ। এতিয়া ইয়াৰ মূল্য বহু গুণে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে।

