" অবৈধ সম্পৰ্কৰ পৰিণতি কি হ’ব পাৰে ? কেনেকৈ হৈছিল এই ঘটনা ?

অবৈধ সম্পৰ্কৰ পৰিণতি কি হ’ব পাৰে ? কেনেকৈ হৈছিল এই ঘটনা ?

 অবৈধ সম্পৰ্কৰ পৰিণতি



বৰ্তমান সমাজত দিন-প্ৰতিদিন বৃদ্ধি পাবলৈ ধৰিছে অবৈধ সম্পৰ্কৰ ঘটনা | বিবাহৰ পিছত নিজৰ স্বামী/স্ত্ৰীৰ পৰা গোপনে ৰাখি দুয়োজনৰ এজনে আনৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলাই ৰাখে | স্বামী/ স্ত্ৰী নোহোৱাৰ সময়ত ফোন, ভিডিঅ কল বা কেতিয়াবা গোপনে দুয়োজনে সাক্ষ্যত কৰি একেলগে সময় অতিবাহিত কৰে | বিবাহৰ পিছত অবৈধ সম্পৰ্ক স্বামী বা পত্নীয়ে দুটা কাৰনত সংঘটিত কৰে যদি তেওঁ স্বামী/পত্নীৰ পৰা অধিক সময় নাপায় নতুবা যৌন সম্পৰ্কত সুখী নহয় | এই অবৈধ সম্পৰ্ক হৈছে কেন্সাৰ ৰোগৰ দৰে যি লাহে লাহে এটি সুখী পৰিয়ালক ধ্বংস কৰি পেলায় আৰু ইয়াৰফলত পিতৃ-মাতৃৰ কৰ্মৰ ফল তেওঁলোকৰ সন্তানে ভূগিব লগীয়া হয় আৰু পিতৃ-মাতৃৰ বাবে সন্তানটি হতাশাৰ দিশলৈ আগবাঢ়ি যায় আৰু সমাজেও পিতৃ-মাতৃৰ লগতে তেওঁলোকৰ সন্তানকো তুচ্ছ-তাচ্ছিল্য কৰিবলৈ লয় | বিবাহৰ পিছত কৰা অবৈধ সম্পৰ্কবোৰে কেতিয়াবা ভয়াৱহ ৰূপ লয় আৰু তেনেকুৱাই এক ভয়াৱহ তথা গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হৈছে আমাৰ ৰাজ্য অসমত | নামৰূপ থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰূপে কাৰ্যনিবাহ কৰি থকা অনুপম গোৱালাই তিনিবছৰ পূৰ্বে লাহোৱালত একেটা পদবীতে চাকৰি কৰি আছিল | সেইসময়ত মদাৰখাত গৰিয়সী জাতীয় বিদ্যালয়ত সঞ্চালিকা হিচাপে দায়িত্বত নিয়োজিত আছিল বিপূল গগৈৰ পত্নী বিষ্ণুপ্ৰিয়া লাহন গগৈ | এদিন বিদ্যালয়খনৰ পৰা পৰীক্ষা বহী হোৱা চুৰি হোৱাক কেন্দ্ৰ কৰি বেলেগ এটা পক্ষৰ সৈতে পৰিয়ালটোৰ লোকৰ মাৰপিট সংঘটিত হৈছিল | ঘটনা সন্দৰ্ভত মদাৰখাট গৰীয়সী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা বিষ্ণুপ্ৰিয়া লাহন গগৈয়ে লাহোৱাল থানালৈ এজাহাৰ দিবলৈ গৈছিল | সেই সূত্ৰে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ সৈতে বিষ্ণুপ্ৰিয়াৰ চিনাকি হৈছিল | চিনাকীৰ পৰা দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে | দুয়োৰে মাজত সঘনে কথা-বতৰা চলে | তদুপৰি স্বামী থকা অৱস্থাত বিষয়াজনে বিষ্ণুপ্ৰিয়াৰ ঘৰলৈও আহ জাহ কৰিবলৈ লয় | দুয়োৰে মাজত গঢ় লৈ উঠা পৰকীয়া প্ৰেমৰ বাবে আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে কেইবাবাৰো বাধা দিছিল | আনকি অনুপম গোৱালাৰ ম'বাইল ফোনৰ পৰা বিষ্ণুপ্ৰিয়াৰ ফোন নম্বৰটো ডিলিট কৰিও দিছিল | তাৰ পূৰ্বে নম্বৰটো ব্লক কৰি থৈ দিয়া হৈছিল | অৱশ্যে তাৰ মাজতো দুয়োৰে মাজত কথা-বতৰাৰ ধাৰাবাহিকতা শেষ হোৱা নাছিল | দুয়ো একেলগে ঘূৰি ফুৰাও বন্ধ কৰা নাছিল | তদুপৰি আন নম্বৰৰ পৰা অনুপম গোৱালাৰ ফোনলৈ বিষ্ণুপ্ৰিয়াই প্ৰায় ফোন কৰিছিল | অৱশেষত দুয়োৰে মাজত থকা দূৰত্বক নাইকিয়া কৰবলৈ ৰাষ্ট্ৰপতিৰ পৰা সাহসিকতাৰ বঁটা পোৱা সুদক্ষ আৰক্ষী বিষয়া তথা কাব্য চৰ্চাৰ দ্বাৰা নাম থকা অনুপম গোৱালাই সুকণ্ঠী গায়িকা ৰূপে নামৰূপত জনপ্ৰিয় হোৱা তথা দুটি সন্তানৰ মাতৃ বিষ্ণুপ্ৰিয়াক বিবাহৰ প্ৰস্তাৱ দিছিল যদিও বিষ্ণুপ্ৰিয়াই অনুপমে দিয়া বিবাহৰ সেই প্ৰস্তাৱ বাৰাম্বাৰ নাকচ কৰি আছিল আৰু তেওঁক অৱজ্ঞা কৰিবলৈ ধৰিছিল |

   ইয়াৰ পিছত অনুপম গোৱালাই যোৱা ১ মাৰ্চ তাৰিখে নিশা ২ বজাত হাতত উদ্যত্ত পিষ্টল লৈ অনুপমে বিষ্ণুপ্ৰিয়াৰ ঘৰত উপস্থিত হৈছিল আৰু বিষ্ণপ্ৰিয়াৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিছিল | এই দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈ আছে | সেই সময়ছোৱাত বিষ্ণুপ্ৰিয়া তেওঁৰ স্বামী বিপূলৰ সৈতে নিদ্ৰাৰত অৱস্থাত আছিল | একেটা কোঠাতে তেওঁলোকৰ দুই কণমাণি সন্তানও শুই আছিল | দুৱাৰত টোকৰ শুনি ড্ৰয়িং ৰূমলৈ আহি অনিচ্ছাসত্ত্বেও দুৱাৰখন খুলি দিছিল স্বামী বিপূলে আৰু আনফালে স্বামী উঠি যোৱাৰ পিছত টোপনিৰ পৰা সাৰ পাই বিষ্ণুপ্ৰিয়া ইমান নিশা কোন আহিছে তাকে চাবলৈ ড্ৰয়িং ৰূমলৈ যায় | যিহেতু বিপূলে অনুপমক চিনি পাইছিল সেয়ে তেওঁ অনুপমক দেখা পাই সিমান আচৰিত হোৱা নাছিল | কিন্তু তেতিয়া সুৰা সেৱন কৰি মাতাল অৱস্থাত আছিল আৰক্ষী বিষয়া অনুপম | অনুপমে কথাৰ বিশেষ অৱতাৰণা নকৰাকৈয়ে বিষ্ণুপ্ৰিয়াক বিবাহৰ প্ৰস্তাৱ দি নিশাই তেওঁৰ লগত যাবলৈ জোৰ কৰে | পূৰ্বৰ দৰে এইবাৰো অনুপমৰ বিবাহৰ প্ৰস্তাৱক পোণচাটে নাকচ কৰে বিষ্ণুপ্ৰিয়াই | তেওঁ বিবাহ কৰাটো দূৰৈৰ কথা অনুপমৰ লগত যাবলৈও তেওঁ ইচ্ছুক নহয় বুলি অনুপমক স্পষ্টকৈ জনায় দিয়ে | ইফালে পত্নীক সেইদৰে এজন পৰ পুৰুষে মাজনিশা বিবাহৰ প্ৰস্তাৱ দি লৈ যাবলৈ বিচৰাত বিপূলে অনুপমক বাধা দিয়ে | কিন্তু সুৰাৰ ৰাগীত মাতাল অনুপমে বিপূলক সেই সময়ত তেওঁৰ উদ্দেশ্যৰ বাধা বুলি ভাবি ললে | লগে লগে অনুপমে হাতত থকা পিষ্টলটোৰে বিপূলক লক্ষ্য কৰি গুলীয়াই | পিষ্টলৰ পৰা গুলী বাহিৰ ওলোৱাৰ পূৰ্বেই নিজৰ স্বামীক ৰক্ষা কৰিবলৈ বিষ্ণুপ্ৰিয়াই স্বামী বিপূলৰ সন্মুখত থিয় দিয়ে | ফলত বিপূলক লক্ষ্য কৰি পিষ্টলটোৰে চলোৱা গুলী দুটাই বিষ্ণপ্ৰিয়াৰ বুকুত আঘাত কৰে | লগে লগে বিষ্ণুপ্ৰিয়া মজিয়াত ঢলি পৰে | বিষ্ণপ্ৰিয়াৰ শৰীৰৰত গুলীয়ে আঘাত কৰা দেখি "এয়া মই কি কৰিলোঁ" বুলি কয় অনুতপ্ত হয় আৰক্ষী বিষয়া অনুপমে ইয়াৰপিছত হাতত থকা নিজৰ চাৰ্ভিচ পিষ্টলটোৰে অনুপমে নিজৰ মূৰত গুলীয়াই যাৰফলত থিতাতে মৃত্যু হয় অনুপমৰ | সমগ্ৰ ঘটনাটো বিষ্ণুপ্ৰিয়াৰ ড্ৰয়িং ৰূমত | ৰূমটোৰ কাষতে বিপূল-বিষ্ণুপ্ৰিয়াৰ দুই কণমাণি সন্তান শুই থকাৰ লগতে অন্য দুটি কোঠাত বিপূলৰ মাতৃ আৰু এগৰাকী পৰিচালিকাও শুই আছিল | এনেতে মাজনিশা চাৰি জাঁইৰ গুলী শুনি আতংকিত হৈ পৰে শুই থকা মাতৃ আৰু পৰিচালিকা গৰাকী লগতে সেইসময়ত শুই থকা গাওঁবাসীও গুলীৰ শব্দ শুনি আতংকিত হৈ পৰে ইয়াৰপিছত সকলোৱে বিপূলৰ ঘৰলৈ আহি অন্তিম উশাহ কাঢ়ি মজিয়াত তেজেৰে ৰাঙলি হৈ পৰি থকা বিষ্ণুপ্ৰিয়াক গাঁওবাসীয়ে ততালিকে চিকিতসালয়লৈ লৈ যায় আৰু ডিব্ৰুগড় চিকিতসা মহাবিদ্যালয়ৰ আইচিউত জীৱন-মৰণৰ সৈতে যুঁজ দি আছে ৩৪ বছৰীয়া বিষ্ণুপ্ৰিয়া গগৈয়ে আৰু নিজৰ মাতৃৰ এনেকুৱা অৱস্থা দেখি কান্দোনত ভাগি পৰিছে বিষ্ণুপ্ৰিয়াৰ দুটি কণমাণি সন্তানে |

অবৈধ সম্পৰ্কৰ এই সমগ্ৰ ঘটনাটোৰ ফলত আটাইতকৈ যদি অধিক ক্ষতি হৈছে সেয়া তেওঁলোকৰ দুটি কণমাণি সন্তানৰ | আজি তেওঁলোকৰ পাপৰ ফল সেই কণমাণি সন্তান দুটিয়ে ভোগ কৰিবলগীয়া হৈছে যাৰ কোনো দোষ নাছিল | সেয়ে বৈবাহিক সম্পৰ্কত এই অবৈধ নামৰ কেন্সাৰ ৰোগটো প্ৰৱেশ কৰিবলৈ দিব নালাগে কাৰন পৰ-পুৰুষ বা পৰ-স্ত্ৰীৰ পৰা সান্নিধ্য পোৱা সেই সুখৰ কাৰনে নিজৰ সন্তানৰ ভৱিষ্যত ধ্বংস কৰিব নালাগে | যি অবৈধ সম্পৰ্কই স্বামী-স্ত্ৰীৰ সম্পৰ্কটো ধ্বংস কৰাৰ লগতে তেওঁলোকৰ সন্তানটিৰ জীৱনো বিনাদোষত ধ্বংস কৰি পেলায়  ।

(তথ্যখিনি নিয়মীয়া বাৰ্তা বাতৰি কাকতৰ পৰা সংগৃহীত)  ✍️দিম্পু ভৰালী

Post a Comment

Previous Post Next Post

People Like