বিলাসীপাৰাত চিলনী চোৰ আটক কৰা দুই সাহসিকতাক দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ সম্বৰ্ধনা

বিলাসীপাৰাত চিলনী চোৰ আটক কৰা দুই সাহসিকতাক দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ সম্বৰ্ধনা 

বিলাসীপাৰাত চিলনী চোৰ আটক কৰা দুই সাহসিকতাক দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ সম্বৰ্ধনা


বিলাসীপাৰা মহকুমাত যোৱা কিছুদিনৰ পৰা চুৰি ডকাইতি আৰু হত্যাকাণ্ড সংঘটিত হৈ থকাত যি আতংক পৰিবেশ  সৃষ্টি হোৱা পৰিলক্ষিত হৈছে  তাৰ অৱকাশ ঘটাৰ পাতনি মেলিলে দুই সাহসী যুৱক 

তাৰে এজন হল যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী জোৱান জিত ৰায় সৰকাৰ আৰু আনজন বিলাসীপাৰা বেলতলীৰ স্থানীয় সচেতন যুবক মোবাৰক হুছেইন 

বিলাসীপাৰাত চিলনী চোৰ আটক কৰা দুই সাহসিকতাক দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ সম্বৰ্ধনা


বহুদিনৰ পৰা দুষ্কাৰ্য সংঘটিত হৈ থকাত খাপ পিতি থকা ৰাইজে  বহিৰাজ্যত সংঘটিত হোৱা দৰে নামনি অসমৰ বিলাসীপাৰা চহৰৰ মাজমজিয়াত চলন্ত ই ৰিস্কা দি গৈ থকা অবস্থাত মহিলা এগৰাকীৰ ডিঙিৰ সোনৰ চেইন ডাল লৈ উধাও হোৱাত কৰ্তব্যৰতো অবস্থাত থকা আৰক্ষী জোৱান জিত ৰায় সৰকাৰ আৰু স্থানীয় যুবক মোবাৰক হুছেইন জীৱনৰ ভয়কো নেওচি চোৰৰ পিছে পিছে প্ৰায় ঘটনাস্থলীৰ পৰা ৫,  ৬  কিলোমিটাৰ নিলগত উদমাৰী অঞ্চলত গৈ আটক কৰিবলৈ সক্ষম হয়,  

উল্লেখযোগ্য কথা টো হল সৰ্ব প্ৰথম চোৰৰ পিছে পিছে খেদি যোৱা ব্যক্তি জন হল সাহসী যুৱক মোবাৰক হুছেইন 

সেয়ে এই সাহসিকতা প্ৰদৰ্শন কৰা যুবক দুজনক বিলাসীপাৰা দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ উদমাৰী আৰু হাকামা আঞ্চলিক কমিটিৰ তৰফৰ পৰা দেশী গামোচা আৰু সাহসিকতাৰ মানপত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হয় 

দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ লগতে স্থানীয় ৰাইজে আৰক্ষী জোৱান জিত ৰায় সৰকাৰ আৰু সচেতন  যুবক মোবাৰক হুছেইনৰ এই সাহসিকতাক প্ৰশংসা আৰু ধন্যবাদ জ্ঞাপন কৰিছে সকলোৱে একেমুখে 

বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদৰ ৰিপোৰ্ট

Post a Comment

Previous Post Next Post

People Like